উৎকল দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। উৎকল দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাবাসীক শুভেচ্ছা জনায়। তেওঁ কয় যে ওড়িশাৰ ইতিহাস, সাহিত্য আৰু সংগীতক লৈ ভাৰত গৌৰৱান্বিত। ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে কেন্দ্ৰীয় আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ অগ
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। উৎকল দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাবাসীক শুভেচ্ছা জনায়। তেওঁ কয় যে ওড়িশাৰ ইতিহাস, সাহিত্য আৰু সংগীতক লৈ ভাৰত গৌৰৱান্বিত। ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে কেন্দ্ৰীয় আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ অগ্ৰগতি আগুৱাই নিয়াৰ বাবে বৃহৎ পৰিসৰত কাম কৰি আছে।

এক্সৰ ওপৰত পৃথক পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, উৎকল দিৱসৰ আন্তৰিক শুভেচ্ছা। এই দিৱসটো ওড়িশাৰ গৌৰৱময় সংস্কৃতিৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি। ওড়িশাৰ ইতিহাস, সাহিত্য আৰু সংগীতক লৈ ভাৰত গৌৰৱান্বিত। ওড়িশাৰ জনসাধাৰণ কঠোৰ পৰিশ্ৰমী আৰু বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। বিগত এটা বছৰত কেন্দ্ৰীয় আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ অগ্ৰগতি আগুৱাই নিয়াৰ বাবে ব্যাপকভাৱে কাম কৰি আহিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande