পূৰ্বৰ ৰজাৰ বিৰুদ্ধে গোচৰ চলাবলৈ সাজু হৈছিল চৰকাৰ
কাঠমাণ্ডু, ২৯ মাৰ্চ (হি.স.)। নেপালত পূৰ্বৰ ৰজাক সমৰ্থন কৰা প্ৰতিবাদকাৰী আৰু শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। ৰজাৰ সমৰ্থক বুলি বিবেচিত ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা সাধাৰণ সম্পাদককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পূৰ্বৰ ৰজাজনকো গৃহবন্দী কৰি ৰখা হৈছে। ইয়াৰ লগতে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ বীৰ বিক্ৰম শ্বাহক নিৰ্মল বাসগৃহত গৃহবন্দী কৰি ৰখা হৈছে।
আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ, কেইবা ডজনো অগ্নিসংযোগৰ ঘটনা, আৰু এজন সাংবাদিকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ ঘটনাৰ পিছত প্ৰথমে গৃহ মন্ত্ৰালয় আৰু তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে গভীৰ নিশা জৰুৰী মন্ত্ৰীসভাৰ বৈঠক আহ্বান কৰে। শুকুৰবাৰে গভীৰ নিশা প্ৰধানমন্ত্ৰী কে পি অলিৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত চাৰিওটা নিৰাপত্তা সংস্থা, নেপাল সেনা, নেপাল আৰক্ষী, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু চোৰাংচোৱা বিভাগৰ মুৰব্বীকো মাতি অনা হয়। এই সময়ছোৱাত বৰ্তমানৰ পৰিস্থিতি আৰু ইয়াৰ সৈতে মোকাবিলা কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰা হৈছিল। বৈঠকৰ অন্তত চৰকাৰী মুখপাত্ৰ পৃথ্বী চুব্বা গুৰুঙে কয় যে লণ্ড-ভণ্ড, অগ্নিসংযোগ, লুণ্ঠন আৰু সাংবাদিকগৰাকীক জ্বলাই দিয়াৰ ঘটনাবোৰ অমানৱীয়। ইয়াক কোনো মূল্যৰ বিনিময়ত সহ্য কৰিব নোৱাৰি। আয়োজকসকলক মূল দোষী বুলি গণ্য কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ চাভি ৰিজালে সমগ্ৰ ঘটনাৰ বাবে আয়োজক দায়ী বুলি জানিবলৈ দিয়ে। আন্দোলনৰ নেতৃত্ব দিয়া সকলো প্ৰধান নেতাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছিল। ইয়াৰ পিছত ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাধাৰণ সম্পাদক তথা সাংসদ ধৱল শমশ্বেৰ ৰাণা, দলৰ উপ সভাপতি ৰবীন্দ্ৰ মিশ্ৰ, যুটীয়া সংগ্ৰাম সমিতিৰ আহ্বায়ক নৱৰাজ সুবেদী, মুখপাত্ৰ স্বগত নেপালকে ধৰি ৫০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ কাঠমাণ্ডুত আৰক্ষীয়ে তালাচী অভিযান চলাই আন্দোলনৰ সৈতে জড়িত নেতা-কৰ্মীক আটক কৰি ৰাখিছে।
কাঠমাণ্ডু আৰক্ষী অধীক্ষক এছ এছ পি বিশ্ব অধিকাৰীয়ে কয় যে ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ জ্যেষ্ঠ নেতা আৰু লণ্ড-ভণ্ড কৰা আৰু অগ্নিসংযোগত চিনাক্ত হোৱাসকলক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজতন্ত্ৰ ঘূৰাই অনাৰ বাবে গঠন হোৱা সংযুক্ত জনসংগ্ৰাম সমিতিৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া দুৰ্গা প্ৰসাইক গ্ৰেপ্তাৰৰ বাবে ৱাৰেণ্ট জাৰি কৰা হৈছে যদিও কেইবাটাও স্থানত অভিযান চলোৱাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
আৰক্ষীৰ অভিযোগ যে দুৰ্গাই নিজে গাড়ী চলাই থকাৰ সময়তে গাড়ীখন আৰক্ষীৰ বেৰিকেডৰ ওপৰেৰে চলাই যোৱাৰ ফলত ভিৰ হিংসাত্মক হৈ পৰে। এই ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড কৰিছে দুৰ্গা প্ৰসাইৰ দলটোৱে। প্ৰতিবাদকাৰীক উচটনি দিয়া আৰু ভাঙি-ছিঙি অগ্নিসংযোগ কৰাৰ নিৰ্দেশ দিয়া দুৰ্গা প্ৰসাইৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব।
ইফালে চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰৰ নিৰ্মল বাসগৃহ সশস্ত্ৰ জোৱান আৰু নেপালী সেনাই ঘেৰাও কৰি ৰখাৰ খবৰ পোৱা গৈছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, তেওঁক গৃহবন্দী কৰি ৰখা হৈছে। প্রাক্তন ৰজা আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যসকলক নিৰ্মল নিৱাছৰ পৰা ওলোৱাত বাধা দিয়াৰ লগতে কোনো বাহিৰৰ মানুহকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। অৱশ্যে পূৰ্বৰ ৰজা হিচাপে জ্ঞানেন্দ্ৰ শ্বাহক এতিয়াও নেপাল সেনাই ভিভিআইপি নিৰাপত্তা প্ৰদান কৰে। আনহাতে, ৰাজতন্ত্ৰৰ সপক্ষে বিক্ষোভ আৰু শুকুৰবাৰে সংঘটিত হোৱা ঘটনাৰ বাবে নেপাল চৰকাৰেও জ্ঞানেন্দ্ৰ শ্বাহক মূল দোষী বুলি বিবেচনা কৰি আছে বুলি সূত্ৰই দাবী কৰিছে। তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ প্ৰস্তুতি চলাইছে চৰকাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া