ইম্ফল, ২৯ মাৰ্চ (হিি.স.)। মণিপুৰৰ নোনীত শনিবাৰে বিয়লি ভূমিকম্পৰ কম্পন অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৮ জুখিছিল। বৰ্তমান সময়ত ভূমিকম্পৰ ফলত কোনো ধৰণৰ প্ৰাণহানি বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শনিবাৰে দুপৰীয়া ০২:৩১:৩৯ বজাত মণিপুৰৰ নোনীত ৩.৮ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল । ভূমিকম্পৰ কেন্দ্ৰবিন্দু ২৪.৯০ উত্তৰ অক্ষাংশ আৰু ৯৩.৫৯ পূব দ্ৰাঘিমাংশত অৱস্থিত।
উল্লেখযোগ্য যে যোৱা ২৪ ঘন্টাত মণিপুৰত তিনিবাৰ আৰু মেঘালয়ত এবাৰ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। শুকুৰবাৰে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত ৭.৭ প্ৰাবল্যৰ অতি প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। ইয়াৰ বাবেই ম্যানমাৰত ব্যাপক ধ্বংসলীলা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া