ৰাঁচী, ০১ এপ্ৰিল (হি.স.)। ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলাত সংঘটিত হৈছে এক বৃহৎ ৰে’ল দুৰ্ঘটনা। ইয়াত দুখন মালবাহী ট্ৰেইনৰ সংঘৰ্ষ লাগে। এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে এজন মালবাহী ট্ৰেইন চালক। পুৱা প্ৰায় ৩ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
এই ঘটনাস্থলীৰ দূৰত্ব ৰাজধানী ৰাঁচীৰ পৰা প্ৰায় ৪৮৬ কিলোমিটাৰ। সাহিবগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক অমিত কুমাৰ সিঙে এই দুৰ্ঘটনা নিশ্চিত কৰিছে।
আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, এই দুৰ্ঘটনাত চিআইএছএফৰ চাৰিজন জোৱানো আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ৰে'ল প্ৰশাসন আৰু স্থানীয় কৰ্তৃপক্ষই এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
জানিব পৰা মতে, মালবাহী ৰে'ল দুখনৰ সংঘৰ্ষৰ পিছত ইঞ্জিনত জুই লাগে। জানিব পৰা মতে, ফাৰক্কাৰ পৰা লালমটিয়ালৈ যোৱা মালবাহী ৰে'লখন বৰহেটত থিয় হৈ থকা মালবাহী ৰে'লখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ পিছত অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিব পৰা যায়।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া