এটিএমৰে ধন উলিওৱাৰ মাচুল বৃদ্ধি কৰাৰ বাবে খৰ্গেৰ বেংকসমূহক সমালোচনা
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে এ টি এমৰে ধন উলিওৱাৰ মাচুল (চাৰ্জ) বৃদ্ধি কৰা বেংকক তীব্ৰ সমালোচনা কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰিছে। আজি ইয়াত জাৰি কৰা এক বিবৃতিত খৰ্গে কয
খৰ্গে


নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে এ টি এমৰে ধন উলিওৱাৰ মাচুল (চাৰ্জ) বৃদ্ধি কৰা বেংকক তীব্ৰ সমালোচনা কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰিছে।

আজি ইয়াত জাৰি কৰা এক বিবৃতিত খৰ্গে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ বেংকসমূহক ‘সংগ্ৰহ এজেণ্ট’ কৰি তুলিছে। ১ মে’ৰ পৰা এটিএম উলিওৱাৰ চাৰ্জো অধিক ব্যয়বহুল হ’ব। তেওঁ কয় যে বেংকে যিদৰে দিনক দিনে চাৰ্জ বৃদ্ধি কৰি আছে, সাধাৰণ মানুহ লুন্ঠিত হ’বলৈ বাধ্য হৈছে। এই সন্দৰ্ভত তেওঁ কয় যে যদি একাউণ্টধাৰীয়ে কোনো কাৰণত একাউণ্টটো চলাব নোৱাৰে তেন্তে বেংকে তেওঁৰ পৰা প্ৰতি বছৰে ১০০ টকাৰ পৰা ২০০ টকা নিষ্ক্ৰিয়তা মাচুল হিচাপে লয়।

তেওঁ কয় যে বেংক ষ্টেটমেন্ট জাৰি কৰাৰ বাবে চাৰ্জ ৫০ টকাৰ পৰা ১০০ টকা। বেংকে ঋণ প্ৰক্ৰিয়াকৰণ মাচুল হিচাপে ১ৰ পৰা ৩ শতাংশ লয়। ঋণ সময়মতে পৰিশোধ কৰিলে ঋণৰ প্ৰি-ক্ল’জাৰ চাৰ্জ আৰোপ কৰা হয়। এনইএফটি, ডিমাণ্ড ড্ৰাফ্ট চাৰ্জ অতিৰিক্ত বোজা আৰু কেৱাইচি আপডেটৰ দৰে স্বাক্ষৰ পৰিৱৰ্তনৰ ওপৰতোৰো চাৰ্জ লোৱা হয়।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে চেভিংছ একাউণ্ট আৰু জন ধন একাউণ্টত নূন্যতম বেলেঞ্চ ৰক্ষণাবেক্ষণ নকৰাৰ বাবে ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে মানুহৰ পকেটৰ পৰা কমেও ৪৩,৫০০ কোটি টকা উলিয়াই নিছে। তেওঁ কয় যে পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সংসদত এই চাৰ্জৰ পৰা বেংকসমূহে সংগ্ৰহ কৰা ধনৰ তথ্য প্ৰদান কৰিছিল যদিও এতিয়া এই প্ৰথাও বন্ধ কৰি দিয়া হৈছে আৰু কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে তথ্য “ৰক্ষণাবেক্ষণ নকৰে”।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande