নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। ভাৰতীয় ছেপক টাক্ৰাউ দলৰ মুখ্য প্ৰশিক্ষক হেমৰাজে শেহতীয়াকৈ অনুষ্ঠিত হোৱা ছেপক টাক্ৰাউ বিশ্বকাপ ২০২৫ত দলটোৰ ঐতিহাসিক প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ ভূমিকা সম্পৰ্কে কয়।ইয়াৰ লগতে তেওঁ কয় যে আমাৰ পৰৱৰ্তী ডাঙৰ লক্ষ্য হৈছে ২০২৬ চনৰ এছিয়ান গেমছত ভাৰতৰ হৈ পদক লাভ কৰা।
বিহাৰৰ পাটনাত অনুষ্ঠিত ছেপক টাক্ৰাউ বিশ্বকাপ ২০২৫ত ভাৰতীয় পুৰুষৰ ৰেগে দলে ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰে। ২০ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ পাটলীপুত্ৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত ভাৰতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ফাইনেলত জাপানক ২-১ গ’লত পৰাস্ত কৰে। প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে এটা সোণ, এটা ৰূপ আৰু ৫টা ব্ৰঞ্জকে ধৰি মুঠ ৭টা পদক লাভ কৰে। পুৰুষৰ ৰেগু দলে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে মহিলা ডাবলছ দলে ৰূপৰ পদক লাভ কৰে। পুৰুষৰ ডাবলছ দল, মহিলাৰ ৰেগু দল, মিক্সড কোৱাড দল, মহিলা কোৱাড দল, আৰু পুৰুষৰ কোৱাড দলে ব্ৰঞ্জৰ পদক লাভ কৰে।
ছাইৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় ছেপক টকৰা দলৰ মুখ্য প্ৰশিক্ষক হেমৰাজে কয় যে খেলুৱৈসকলে ৮ৰ পৰা ১০ বছৰ ধৰি বাৱানা (দিল্লী), ইম্ফল, ডিমাপুৰ আৰু বৰেলীত থকা ছাইৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ নিজৰ দক্ষতা বৃদ্ধি কৰিছে। দলটোৰ অধিকাংশ খেলুৱৈ ছাইৰ পৰা আহিছে, যিয়ে নিৰন্তৰ সমৰ্থন লাভ কৰি আহিছে। বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ ছাইয়ে থাইলেণ্ডত ডেৰ মাহৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিল, য’ত এই খেলুৱৈসকলে কঠোৰ পৰিশ্ৰম কৰিছিল।
ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশিক্ষকে কয় যে আমাৰ পৰৱৰ্তী বিশাল লক্ষ্য ২০২৬ চনৰ এছিয়ান গেমছত ভাৰতৰ হৈ পদক লাভ কৰা। তাৰ আগতে আমাৰ মে’ মাহত মালয়েছিয়াত পুৰুষ এছিয়া কাপ আৰু জুলাই মাহত বেংকক (থাইলেণ্ড)ত বিশ্ব চেম্পিয়নশ্বিপ আছে। আগন্তুক এই সকলোবোৰ অনুষ্ঠানত আমাৰ ধাৰাবাহিকতা বজাই ৰখাটোৱেই আমাৰ লক্ষ্য।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া