দুধনৈ-বকোত বিজেপিৰ বিশাল নিৰ্বাচনী সভা
ৰাভা হাছং স্বায়ত্ত্বশাসিত অঞ্চলৰ উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ দায়বদ্ধ ঃ দিলীপ শইকীয়া গুৱাহাটী, ২৯ মাৰ্চ (হি.স.)। ৰাভা হাছং স্বায়ত্ত্বশাসিত অঞ্চলৰ উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন.ডি.এ চৰকাৰ সদায় দায়বদ্ধ ৷ ৰাভা হাছঙত বাস
দুধনৈ-বকোত বিজেপিৰ বিশাল নিৰ্বাচনী সভা


ৰাভা হাছং স্বায়ত্ত্বশাসিত অঞ্চলৰ উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ দায়বদ্ধ ঃ দিলীপ শইকীয়া

গুৱাহাটী, ২৯ মাৰ্চ (হি.স.)। ৰাভা হাছং স্বায়ত্ত্বশাসিত অঞ্চলৰ উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন.ডি.এ চৰকাৰ সদায় দায়বদ্ধ ৷ ৰাভা হাছঙত বাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ বিকাশৰ হকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এনডিএ চৰকাৰখনে নিৰবচ্ছিন্নভাৱে কাম কৰি আহিছে৷ এই মন্তব্য অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ৷

অহা ২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে দুধনৈত আয়োজন কৰা এখন বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অংশগ্ৰহণ কৰি সভাপতি দিলীপ শইকীয়াই কয় যে, অসমৰ উন্নয়ন হব লাগিলে জাতি-জনগোষ্ঠী সমূহৰ বিকাশ ত্বৰান্বিত কৰাটোৱেই প্ৰাথমিক আৰু মূল কথা ৷ পূৰ্বৰ কংগ্ৰেছ আমোলৰ নিষ্পেষিত জনগোষ্ঠীসমূহৰ উন্নয়ন সম্ভৱ হৈছে একমাত্ৰ বিজেপি নেতৃত্বাধীন এনডিএৰ শাসনত৷ ভাৰতীয় জনতা পাৰ্টিয়ে একমাত্ৰ দল যিয়েই জনজাতি সমূহৰ সমস্যাবোৰ উপলব্ধি কৰিব পাৰে৷ আজি ৰাভা হাছং অঞ্চলৰ উন্নয়ন আৰু বিকাশেই ইয়াৰ স্পষ্ট প্ৰমাণ ৷

আজি ভাৰতীয় জনতা পাৰ্টি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ এনডিএ প্ৰাৰ্থীসকলৰ সমৰ্থনত দুধনৈ আৰু বকোত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে৷ ভাষণত শইকীয়াই অহা ২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সকলক পদুম ফুলৰ চিহ্নত আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলক টিভিৰ চিহ্নত ভোট দি বিশাল ভোটৰ ব্যৱধানত নিৰ্বাচিত কৰিবলৈ ৰাইজক আবেদন জনায়৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থকা সভাত অংশগ্ৰহণ কৰি ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৰাভা হাছং নিৰ্বাচনত কংগ্ৰেছ শূন্য কৰিবলৈও উপস্থিত জনতাক আহ৩ান জনায়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰাজয়ৰে গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি কৰিবলৈ যোৱা বুলিও ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নেতা টংকেশ্বৰ ৰাভাই কংগ্ৰেছ নেতাজনক কটাক্ষ কৰে ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande