কামৰূপ, ০১ এপ্ৰিল (হি.স.)। অসমীয়াৰ হেপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন। বাপতি-সাহোন ব'হাগৰ বিহুটিক আদৰাৰ প্ৰস্তুতি চলিছে ৰাজ্যৰ চৌদিশে। বকোতো আৰম্ভ হৈছে বিহুনাচ, ঢোলবাদন আৰু পেঁপা-বাঁহী বাদনৰ কৰ্মশালা।
বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনে আয়োজন কৰা কৰ্মশালাত অংশগ্ৰহণ কৰিছে ৯ শতাধিক প্ৰশিক্ষাৰ্থীয়ে। এই উপলক্ষ্যত উদুলি-মুদুলি পৰিবেশ বিৰাজ কৰিছে বকো গান্ধী মৈদানত।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা