-১০ এপ্ৰিলত দ্বাৰকাধীশ ধামত পালন কৰিব জন্মদিন
জামনগৰ, ২৯ মাৰ্চ (হি.স.)। ৰিলায়েন্স পৰিয়ালৰ অনন্ত আম্বানীয়ে অহা ১০ এপ্ৰিলত দ্বাৰকাধীশ ধাম দ্বাৰকাত জন্মদিন পালন কৰিব। ইয়াৰ বাবে তেওঁ ইতিমধ্যে জামনগৰৰ পৰা দ্বাৰকালৈ পদযাত্ৰাত নামিছে। শনিবাৰ যাত্ৰাৰ দ্বিতীয় দিন আৰু এতিয়ালৈকে তেওঁ ২৪ কিলোমিটাৰ খোজকাঢ়ি সম্পূৰ্ণ কৰিছে। জামনগৰৰ পৰা দ্বাৰকালৈ দূৰত্ব প্ৰায় ১৫০ কিলোমিটাৰ।
২৭-২৮ মাৰ্চৰ মাজনিশা অনন্ত আম্বানীয়ে জেড প্লাছৰ নিৰাপত্তাৰ অধীনত জামনগৰৰ বনতাৰাৰ পৰা দ্বাৰকা অভিমুখে যাত্ৰা আৰম্ভ কৰে। দৈনিক ১০-১২ কিলোমিটাৰ খোজ কাঢ়ি প্ৰায় ১০-১২ দিনত ১৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। তেওঁৰ লগত পূজাৰী-ব্ৰাহ্মণ, বন্ধু-বান্ধৱী আৰু নিৰাপত্তাৰক্ষীসকলেও পদযাত্ৰা কৰিছে।
যাত্ৰাৰ সময়ত তেওঁ সাধাৰণ মানুহৰ লগতে জয়দ্বাৰকাধীশ জয়ধ্বনি দিয়া শুনা যায়। লগতে তেওঁক সাধাৰণ জনতাৰ সৈতে চেলফি তুলি থকা দেখা গৈছিল। আম্বানী পৰিয়ালৰ দ্বাৰকাধিশৰ প্ৰতি অপৰিসীম বিশ্বাস আছে। মুকেশ আম্বানীয়ে ইয়াৰ পূৰ্বেই দ্বাৰকাধীশ ভ্ৰমণ কৰিবলৈ আহিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া