নতুন দিল্লী/মুম্বাই, ২৮ মাৰ্চ (হি.স.)। অৰ্থনৈতিক দিশত এটা ভাল খবৰ। একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ২১ মাৰ্চত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৪.৫৩ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৫৮.৮ বিলিয়ন ডলাৰ হয়। বিগত সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুত ৩০৫ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৫৪.২৭ বিলিয়ন ডলাৰ হৈছিল।
আৰ বি আইয়ে শুকুৰবাৰে নিজৰ তথ্যত প্ৰকাশ কৰিছে যে ২১ মাৰ্চত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৪.৫৩ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৫৮.৮ বিলিয়ন ডলাৰ হৈছে। বিগত সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুত ৩০৫ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৫৪.২৭ বিলিয়ন ডলাৰ হৈছিল। তথ্য অনুসৰি এই সময়ছোৱাত বৈদেশিক মুদ্ৰাৰ মজুতৰ এক গুৰুত্বপূৰ্ণ উপাদান বিদেশী মুদ্ৰাৰ সম্পত্তি ১.৬৭ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৫৫৮.৮৬ বিলিয়ন ডলাৰ হৈছে।
তথ্য অনুসৰি ২১ মাৰ্চত সমাপ্ত হোৱা সপ্তাহটোত সোণৰ মজুতৰ মূল্য ২.৮৮ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৭৭.২৮ বিলিয়ন ডলাৰ হৈছে। কিন্তু এই সময়ছোৱাত বিশেষ আহৰণ অধিকাৰ (এছডিআৰ) ২২ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.২৪ বিলিয়ন ডলাৰ হৈছে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আইএমএফ)ৰ সৈতে ভাৰতৰ ৰিজাৰ্ভ ষ্টকো ২০ লাখ ডলাৰ হ্ৰাস পাই ৪.৪৩ বিলিয়ন ডলাৰ হৈছে।
মন কৰিবলগীয়া যে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া