গোলাঘাট, ২৪ মাৰ্চ (হি.স.)। বোকাখাত গ্ৰন্থমেলা ২০২৫ ৰ আজি তৃতীয়টো দিন ৷ বোকাখাতত প্ৰায় ২৫ বছৰৰ পিছত পূৰ্ণাঙ্গভাৱে আৰম্ভ হ’ল পাঁচদিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা—২০২৫ ৷ প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত পাঁচদিনীয়া এই গ্ৰন্থমেলা খন বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হৈছে ৷ শনিবাৰে শোভাযাত্ৰাৰে আৰম্ভ হোৱা গ্ৰন্থ মেলাৰ সোমবাৰে তৃতীয় দিনা প্ৰকৃতি, পৰিৱেশ আৰু গ্ৰাম্য পৰ্যটনৰ ওপৰত অনুষ্ঠিত আলোচনা চক্ৰত সমল ব্যক্তি হিচাবে এসময়ৰ সাংবাদিক তথা বৰ্তমান পৰ্যটন উদ্যোগৰ সৈতে জড়িত অভিজিৎ গগৈ আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই ৷
গ্ৰন্থ মেলাত প্ৰতিদিন টাইমৰ মুখ্য সাংবাদিক নিতুমণি শইকীয়াৰ বনলতা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত বিজেপিক কিয় ভোট নিদিব গ্ৰন্থখনে বিশেষ সমাদৰ লাভ কৰিছে গ্ৰন্থপ্ৰেমীৰ মাজত ৷ প্ৰায় সকল গ্ৰন্থপ্ৰেমীৰ হাতত দেখা গৈছে গ্ৰন্থখন ৷ গ্ৰন্থমেলাৰ বাকৰিত বনলতাৰ লগতে অসম প্ৰকাশন পৰিষদ ৰেখা প্ৰকাশন বৰ্ণ, এম আৰ পাব্লিকেশ্যন, আক-বাক, জ্যোতি প্ৰকাশন, অৰ্কিড প্ৰকাশনত গ্ৰন্থখন উপলব্ধ ৷ গ্ৰন্থমেলাৰ লগতে বিভিন্ন আলোচনা চক্ৰ, বৌদ্ধিক আলোচনা, চোতালৰ নাট, কুইজ প্ৰতিযোগিতা, নাট মঞ্চস্থ প্ৰতিদিনাই অনুষ্ঠিত হৈ আহিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা