গোলাঘাট,০৯ মে (হি.স.)। গোলাঘাটৰ বৰফলং চাহ বাগিচাত বিদ্যুত বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ বিগত এসপ্তাহে অন্ধকাৰত আছে খুমটাইৰ বৰফলং বাগিচাৰ বৃহত্তৰ অঞ্চল । খুমটাইৰ বৰফলং চাহ বাগিচাত বিদ্যুত বিভাগে ট্ৰেন্সফৰ্মাৰত কৰ্তন কৰিলে বিদ্যুত সংযোগ । যাৰ ফলত যোৱা এসপ্তাহে হাহাকাৰময় অৱস্থা অঞ্চলটোত ।
ছাত্ৰ-ছাত্ৰী পৰিছে সমস্যাত । বিদ্যুত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী স্থানীয় ৰাইজৰ । উত্তাল প্ৰতিবাদ সাব্যস্ত ভুক্তভোগী জনতাৰ। আজিৰ ভিতৰতে বিদ্যুত সংযোগ নিদিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদী জনতাৰ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা