বলীউডৰ অভিনেতা শ্বাহৰুখ খানে অভিনয়ৰ বাবেই ছবি জগতত যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজিলৈকে তেওঁৰ বহু ছবিয়েই ছুপাৰহিট আৰু ব্লকবাষ্টাৰ হৈ পৰিছে। তেওঁৰ সফলতাৰ বাবে তেওঁক বলীউডৰ কিং খান বুলিও কোৱা হয়। এতিয়া শ্বাহৰুখৰ পিছত তেওঁৰ পুত্ৰ আৰ্য্যন খান আৰু কন্যা ছুহানা খানেও মনোৰঞ্জন জগতত নিজৰ নাম উজলাবলৈ চেষ্টা কৰিছে। আৰ্য্যন পৰিচালক আৰু সুহানা অভিনেত্ৰী হিচাপে কাম আৰম্ভ কৰিছে। দুয়ো সন্তানক প্ৰশংসা কৰাৰ সমান্তৰালকৈ শ্বাহৰুখে অনুৰাগীসকললৈ এক অনুৰোধ জনাইছে।
নেটফ্লিক্সৰ অনুষ্ঠানত শ্বাহৰুখ খানে অংশ গ্ৰহণ কৰিছিল। পুত্ৰ আৰ্য্যন খানৰ প্ৰথমটো শ্ব’ ‘দ্য বেডছ অৱ বলীউড’ৰ উন্মোচনী অনুষ্ঠানত তেওঁ সমগ্ৰ পৰিয়ালৰ সৈতে উপস্থিত আছিল। শ্বাহৰুখ খানে পত্নী গৌৰী খান, পুত্ৰ আৰ্য্যন খান আৰু কন্যা চুহানা খানৰ সৈতে অংশগ্ৰহণ কৰে। ইয়াত তেওঁ উপস্থিত লোকসকলৰ সৈতে মত বিনিময় কৰিছিল। তেওঁ কয়, মোৰ অন্তৰেৰে আৰু অনুৰোধেৰে কামনা কৰিছো যে মোৰ ল'ৰা যিয়ে পৰিচালনাৰ দিশত প্ৰথম খোজ দি আছে, মোৰ ছোৱালী যি অভিনেত্ৰী হৈ পৰিছে, এই পৃথিৱীয়ে মোক যি মৰম দিছে তাৰ ৫০ শতাংশও যদি তেওঁলোকক দিয়ে, তেতিয়া ই বহুত বেছি হ'ব।
অনুষ্ঠানটোত শ্বাহৰুখে আৰু কয়, মই মোৰ ল'ৰাক মোৰ ধেমেলীয়া কাহিনী নিৰ্মাণৰ কলাটোও দিছো। এই অনুষ্ঠানটো সফল কৰি তোলাত অংশগ্ৰহণ কৰা মোৰ সকলো সহকৰ্মীক ধন্যবাদ জনাইছো। সকলোৱে ইয়াৰ ওপৰত এক ডাঙৰ কাম কৰিছে। মই তাৰ কেইটামান খণ্ডও দেখিছো ।
‘দ্য বেডছ অৱ বলীউড’ বহু ধৰণৰ ধাৰাবাহিক। বলীউডৰ জগতত প্ৰৱেশ কৰা বাহিৰৰ জগতৰ এজন ব্যক্তিৰ ওপৰত আধাৰিত এই ধাৰাবাহিকখন। ইয়াৰ পৰিচালক আৰ্য্যন খান আৰু প্ৰযোজক গৌৰী খানে ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ অধীনত নিৰ্মাণ কৰিছে।
শেহতীয়াকৈ এই শ্ব’টোৰ টিজাৰ ভিডিঅ’ নেটফ্লিক্সত মুকলি কৰা হৈছে। ইয়াত শ্বাহৰুখ খানে নিজৰ অনন্য শৈলীৰে নিজৰ পুত্ৰৰ প্ৰথমটো শ্ব’ৰ নাম ‘দ্য বেডছ অৱ বলীউড’ বুলি ঘোষণা কৰে। শ্বাহৰুখক টিজাৰত শ্বুটিং কৰা দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া