বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজাৰ ব্যাপক আয়োজন
গুৱাহাটী, ০২ ফেব্ৰুৱাৰী (হি.স.)। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা কাইলৈ বসন্ত পঞ্চমীত পালন কৰা হব। এই উপলক্ষ্যত ৰাজ্যজুৰি ঠাইত সৰস্বতী পূজাৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। সৰস্বতী পূজাৰ বাবে বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ সজাই পৰা
মা সৰস্বতী


গুৱাহাটী, ০২ ফেব্ৰুৱাৰী (হি.স.)। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা কাইলৈ বসন্ত পঞ্চমীত পালন কৰা হব। এই উপলক্ষ্যত ৰাজ্যজুৰি ঠাইত সৰস্বতী পূজাৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। সৰস্বতী পূজাৰ বাবে বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ সজাই পৰাই তোলা হৈছে। সৰস্বতী পূজাত সকলোৱে নিজৰ পঢ়া শুনা কাৰ্যত যাতে সফল হ’ব পাৰে তাৰ বাবে সৰস্বতী মাৰ চৰণত ধূপ-ধূনা নৈবদ্যৰে আৰধনা কৰিব। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ন-সাজেৰে ৰঙীন হৈ পৰিব শিক্ষানুষ্ঠানসমূহ।

হিন্দু ধৰ্মত, বসন্ত পঞ্চমীৰ দিনটো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ৷ এই দিনটোত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ নামত উৎসৰ্গিত ৷ কোৱা হয় যে এই দিনটোত সম্পূৰ্ণ ৰীতি-নীতিৰে মা সৰস্বতীক উপাসনা কৰিলে বুদ্ধিৰ বিকাশ হয় আৰু লগতে পৰিয়ালৰ সুখ-সমৃদ্ধি নিশ্চিত হয় ৷ সেয়েহে বসন্ত পঞ্চমীত জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীক ঘৰ, কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদিত পূজা কৰা হয় ৷ এইবাৰ বসন্ত পঞ্চমীৰ তিথিক লৈ কিছু অনিশ্চয়তা দেখা গৈছে যদিও অধিকাংশ শিক্ষানুষ্ঠানতে কাইলৈ সোমবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজাৰ আয়োজন কৰা হৈছে।

সৰস্বতী পূজাৰ দিনা ছাত্ৰ–ছাত্ৰীসকলে বিশেষকৈ ছাত্ৰীসকলে নিজকে ৰঙীন সাজপাৰত সজাই পৰাই তোলে।মেখেলা–চাদৰ, শাৰী বা আন আটক ধুনীয়া সাজপাৰ পৰিধান কৰি নিজকে অপৰূপা কৰি তোলে।আনকি কনমানি শিশুৰ পৰা মহাবিদ্যালয়–বিশ্ববিদ্যালয়ৰ ছাত্ৰীলৈকে নিজকে সজাই পৰাই তোলাৰ এক অষোষিত প্ৰতিযোগিতাত লিপ্ত হৈ পৰা যেন বোধ হয়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজাৰ দিনা শিক্ষাৰ্থীসকলৰ সুন্দৰ সাজ পোছাক পৰিধান কৰা দৃশ্যই পৰিৱেশ ৰমণীয় কৰি তোলে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande