বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণ। তেওঁৰ লাখ লাখ অনুৰাগী আছে। উদিত নাৰায়ণে বহু গায়কী অনুষ্ঠানত কণ্ঠদান কৰে। তেনে এটা অনুষ্ঠানৰ তেওঁৰ এটা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত উদিতৰ এই কাৰ্যক লৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। এই ভিডিঅ’টো চোৱাৰ পাছত বহু লোকে ৬৯ বছৰীয়া উদিত নাৰায়ণক সমালোচনা কৰিছে।
উদিত নাৰায়ণৰ নতুন ভিডিঅ’ক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। এই ভিডিঅ'টো চাই ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা উদিত নাৰায়ণৰ এই ভিডিঅ'টো এটা লাইভ কনচাৰ্টৰ। এই ভিডিঅ’টোত উদিত নাৰায়ণে নিজৰ মহিলা অনুৰাগীক চুমা খাই থকা দেখা গৈছে। ফটোৰ বাবে পোজ দিয়াৰ পিছত তেওঁৰ লগত চেলফি তুলিবলৈ অহা মহিলা অনুৰাগীক তেওঁ চুমা খালে। কনচাৰ্টৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে আৰু নেটিজেনসকলে ক্ষোভ প্ৰকাশ কৰিছে।
ইনষ্টাগ্ৰামত ভাইৰেল হৈছে উদিত নাৰায়ণৰ ভিডিঅ’। ভিডিঅ’টোত উদিতক মঞ্চত ‘টিপ টিপ বৰছা পানী’ গাই থকা দেখা গৈছে আৰু অনুৰাগীয়ে তেওঁৰ সৈতে চেলফি তুলিবলৈ ওপৰলৈ উঠি আহিছে। পুৰুষ আৰু মহিলা অনুৰাগী তালৈ আহে। তাৰ পিছত উদিত মঞ্চৰ পৰা আগবাঢ়ি আহি মহিলাসকলৰ লগত চেলফি তুলি গালত চুমা খায়। ফেন এজনৰ গালত আৰু তাৰ পিছত ওঁঠত চুমা খাই থকা ভিডিঅ’ চাই মানুহে অসন্তুষ্টি প্ৰকাশ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া