
অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ বহু প্ৰত্যাশিত ছবি দ্য বন-ফোৰ্চ অৱ দি ফৰেষ্ট (The One - Force of the Forest)ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। বালাজী মোচন পিকচাৰ্ছ আৰু দ্য ভাইৰেল ফিভাৰৰ বেনাৰত নিৰ্মিত এই ছবিখন অতিপ্ৰাকৃতিক লোককথা আৰু পৌৰাণিক থ্ৰিলাৰৰ আধাৰত নিৰ্মিত। সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে তমন্নাহ ভাটিয়াই। দীপক কুমাৰ মিশ্ৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত সুনীল গ্ৰ’ভাৰ, মনীষ পল, শ্বেতা তিৱাৰী, আৰু অপূৰ্ব ছ’নীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
বিহাৰৰ ষোড়শ শতিকাৰ ভান দেৱী মন্দিৰৰ সৈতে জড়িত লোককথাৰ পৰা অনুপ্ৰাণিত বুলি কোৱা হৈছে ছবিখনৰ কাহিনী। ট্ৰেইলাৰটোত ৰহস্য, দুঃসাহসিক, আৰু অতিপ্ৰাকৃতিক পৰিঘটনাৰে ভৰা এখন পৃথিৱীৰ আভাস পোৱা গৈছে। সিদ্ধাৰ্থই এনে এটা চৰিত্ৰত অভিনয় কৰিছে যিয়ে অৰণ্যৰ লগত জড়িত ভয়ংকৰ বিশ্বাসক আওকাণ কৰি তাত সাহস কৰে। ইয়াৰ পিছতে গাঁওখনত এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়, যাৰ ফলত ধাৰাবাহিকভাৱে ৰহস্যজনক পৰিঘটনা সংঘটিত হয়।
ট্ৰেইলাৰটোত পুনৰ্জন্ম আৰু প্ৰাচীন শক্তিৰ বিষয়বস্তুৰ ইংগিতো দিয়া হৈছে। ছবিখনত সিদ্ধাৰ্থৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে তমন্নাহ ভাটিয়াই। ভাৰতীয় লোককথা আৰু পৌৰাণিক উপাদানৰ আধাৰত নিৰ্মিত এই ছবিখনে দৰ্শকক এক নতুন চিনেমাৰ অভিজ্ঞতা প্ৰদান কৰিব বুলি প্ৰযোজকসকলে আশা কৰিছে। ৰহস্য, ৰোমাঞ্চ আৰু শক্তিশালী দৃশ্যৰে ভৰপূৰ দ্য বন-ফোৰ্চ অৱ দি ফৰেষ্ট ২৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে দেশজুৰি চিনেমাগৃহত মুক্তি পাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া