মৰিগাঁও, ১৭ ফেব্ৰুৱাৰী (হি.স.): মৰিগাঁও আৰক্ষীয়ে চিলনী চোৰৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছে। আজি কিছুদিনৰ পৰা চোৰৰ উপদ্ৰৱত নিদ্ৰা হৰিচে মৰিগাঁও বাসীৰ। ইয়াৰ মাজতে যোৱাকালি দেওবাৰে সন্ধিয়া খোজ কাঢ়িবলৈ যোৱা দুগৰাকী মহিলাৰ পৰা বাইকত আহি থকা তিনি জন যুৱকে থপিয়াই নিছিল মোবাইল ফোন। তাৰ পিছতেই মৰিগাঁও আৰক্ষীৰ তৎপৰতাত চিলনী চোৰ কেইটাক ধৰিবলৈ সক্ষম হয়।
ত্ৰাসৰ সৃষ্টি কৰা এই চিলনী চোৰৰ পৰা হাত সাৰি নাযায় মহিলা আৰক্ষী লগতে সাধাৰণ মহিলা। চিলনি চুৰ কেইটাৰ নাম ক্ৰমে দীপাংকৰ ওৰফে দিম্পল নাথ, নীৰেন্দ্ৰ দাস আৰু লক্ষ্য জ্যোতি শৰ্মা বুলি জানিব পৰা গৈছে। কেইদিনমান পূৰ্বে হোজাই জেলৰ পৰা ওলাই আহিছে ইহঁত কেইটা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ