নগাঁও, ১৭ ফেব্ৰুৱাৰী (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে ধিং আৰক্ষীৰ তীব্ৰ অভিযান । পুনৰ ধিং আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।
দেওবাৰে নিশা গোপন খবৰৰ ভিত্তিত ধিং আৰক্ষীয়ে চলোৱা অভিযানত ধিঙৰ ছালকাটিৰ ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ ৰহমানৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ ৰহমানক । বিগত বহু দিনৰে পৰাই ধিঙৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল এইজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মতিউৰে । অৱশেষত আৰক্ষীৰ জালত পৰা মতিউৰক জেৰা অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ