
গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ কাইলৈ ৮ ডিচেম্বৰ, সোমবাৰে গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হ’ব সংগীতানুষ্ঠান। পোষ্ট মেল’নৰ সংগীতানুষ্ঠানৰ বাবে মহানগৰ প্রশাসনৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। পোষ্ট মেল’নৰ কনচাৰ্টৰ বাবে মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে বিশেষ পথ নিৰ্দেশনা। সেই অনুসৰি সোমবাৰে দুপৰীয়া ৩.৩০ বজাৰ পৰা ফিল্ডৰ ভিতৰত দৰ্শকে প্ৰৱেশ কৰিব পাৰিব। আনহাতে বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত থাকিব বিশেষ নিৰ্দেশনা। ইফালে জিএছ ৰোডৰ পৰা খানাপাৰালৈকে ঘোষণা কৰা হৈছে ন’ পাৰ্কিং জ’ন। একেদৰে ছয় মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈকে হ’ব ন’ পাৰ্কিং জ’ন।
সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া দৰ্শকৰ বাহনৰ বাবে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। ৩ হাজাৰ গাড়ী ৰাখিবপৰাকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। একেদৰে ১,২০০ দুচকীয়া বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব। অনুষ্ঠানলৈ ২০-২২ হাজাৰ দৰ্শক অহাৰ সম্ভাৱনা আছে। আনহাতে কোনো দৰ্শকে অনুষ্ঠানৰ ভিতৰলৈ পানী বটল, বেগ লৈ যাব নোৱাৰিব। ছয়মাইল উৰণ সেতুৰ পৰা খানাপাৰাৰ লটাৰীলৈকে বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ চলাচল।
সোমবাৰে পুৱা ১০ বজাৰ পৰা কনচাৰ্ট অনুষ্ঠিত হ’বলগীয়া খানাপাৰা অঞ্চলত বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব। সৰু বাহনৰ বাবে বিয়লি ৩ বজাৰ পৰা নিয়ম বলবৎ হ’ব আৰু অনুষ্ঠান সমাপ্ত নোহোৱালৈকে বা প্ৰয়োজন অনুসৰি কাৰ্যকৰী হৈ থাকিব। ছয়মাইল উৰণ সেতুৰ পৰা বালুঘাট ত্ৰিপুৰা গলিৰ পৰা জয়ানগৰ চাৰিআলিলৈকে বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ যাতায়াত।
বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈকে আৰু জয়ানগৰ চাৰিআলিৰ পৰা এপিএছচিৰ পইণ্টলৈকেও বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ যাতায়াত। খানাপাৰাৰ পৰা বশিষ্ঠলৈকে থকা ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ ৰোডতো বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ চলাচল। স্কুল বাছ, জৰুৰীকালীন যান-বাহন আৰু স্থানীয় বাসিন্দাসকল এই নিষেধাজ্ঞাৰ দ্বাৰা ৰেহাই পাব। ৰিয়েল টাইম আপডেটৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীৰ ছ’চিয়েল মিডিয়া হেণ্ডেল অনুসৰণ কৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিয়া হৈছে।
উল্লেখ্য যে অসম চৰকাৰে মে’ মাহত ‘কনচাৰ্ট টুৰিজিম’ৰ প্ৰচাৰৰ বাবে নতুন নীতিত অনুমোদন জনাইছিল আৰু বুকমাইশ্ব’ প্লেটফৰ্ম পৰিচালনা কৰা বিগট্ৰি এণ্টাৰটেইনমেণ্টৰ সৈতে অংশীদাৰিত্ব কৰি ৰাজ্যত এই সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল। পোষ্ট মেল’নৰ অনুষ্ঠানত ২০ হাজাৰৰো অধিক লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য সংখ্যক লোকে অসমৰ বাহিৰৰ পৰা অহাৰ সম্ভাৱনা আছে বুলি মহানগৰ আৰক্ষীয়ে জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া