ৰৈ থকা ট্ৰাকত বাইকৰ খুণ্ডা, এজনৰ মৃত্যু, এজন আহত
শিৱসাগৰ, ০৭ ডিচেম্বৰ (হি.স.)। শিৱসাগৰ জিলাৰ ডিমৌত এখন দ্ৰুতবেগী বাইকে এখন ৰৈ থকা ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন লোক। আনহাতে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈছে আন এগৰাকী আৰোহীক। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, ডিমৌৰ ভালুকগুৰি অঞ্চ
ৰৈ থকা ট্ৰাকত বাইকৰ খুণ্ডা, এজনৰ মৃত্যু, এজন আহত


শিৱসাগৰ, ০৭ ডিচেম্বৰ (হি.স.)। শিৱসাগৰ জিলাৰ ডিমৌত এখন দ্ৰুতবেগী বাইকে এখন ৰৈ থকা ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন লোক। আনহাতে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈছে আন এগৰাকী আৰোহীক।

দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, ডিমৌৰ ভালুকগুৰি অঞ্চলত এখন তীব্ৰবেগী বাইকে এখন ৰৈ থকা ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। মৃত যুৱকজন নিতাইপুখৰী গড়ভঙা অঞ্চলৰ ৰাজ গগৈ বুলি জানিব পৰা গৈছে।

ভলুকাগুৰি অঞ্চলৰ আভেলী ৰিজৰ্টৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোত আহত আদিত্য গগৈক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande