চতুৰ্থ এছেজ টেষ্টৰ বাবে প্ৰস্তুত হোৱা মেলবৰ্ণৰ পিটচখনক আইচিচিয়ে অসন্তুষ্টিজনক বুলি অভিহিত
নতুন দিল্লী, ২৯ ডিচেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৫-২৬ বৰ্ষৰ এছেছ শৃংখলাৰ চতুৰ্থখন টেষ্টৰ বাবে মেলবৰ্ণ ক্ৰিকেট খেলপথাৰৰ পিচটখনক অসন্তুষ্টিজনক বুলি ৰেটিং দিছে। এই পিচটখনক ক্ৰিকেট বিশেষজ্ঞ আৰু প্ৰাক্তন খেলুৱৈৰ চোকা সমালোচনাৰ সন্মুখী
मेलबर्न टेस्ट को ऑस्ट्रेलिया ने 2 विकेट से जीता


নতুন দিল্লী, ২৯ ডিচেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৫-২৬ বৰ্ষৰ এছেছ শৃংখলাৰ চতুৰ্থখন টেষ্টৰ বাবে মেলবৰ্ণ ক্ৰিকেট খেলপথাৰৰ পিচটখনক অসন্তুষ্টিজনক বুলি ৰেটিং দিছে। এই পিচটখনক ক্ৰিকেট বিশেষজ্ঞ আৰু প্ৰাক্তন খেলুৱৈৰ চোকা সমালোচনাৰ সন্মুখীন হৈছে।

মাত্ৰ দুদিনৰ ভিতৰতে বক্সিং ডে’ টেষ্ট সমাপ্ত হৈছিল আৰু ইয়াত ইংলেণ্ডে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰে। ইংলেণ্ডৰ ১৫ বছৰৰ পাছত অষ্ট্ৰেলিয়াত প্ৰথম টেষ্ট জয়। এই পৰাজয়ৰ পিছতো অষ্ট্ৰেলিয়াই ৩-১ ব্যৱধানত শৃংখলাত আগবাঢ়ি আছে।

আইচিচিৰ চাৰিটা স্তৰৰ পিটচ ৰেটিং ব্যৱস্থাত অসন্তুষ্টিজনকক তৃতীয় শ্ৰেণী হিচাপে গণ্য কৰা হয়। আইচিচিৰ মতে, এই শিতানৰ এখন পিটচ হ’ল এনে এখন পিটছ যিয়ে বেট আৰু বলৰ মাজত সুষম প্ৰতিযোগিতাৰ অনুমতি নিদিয়ে আৰু বলাৰসকলক অত্যধিক সহায় আগবঢ়ায়, যাৰ ফলত ছিম বা স্পিনৰ বাবে অত্যধিক উইকেট লোৱাৰ সুযোগ সৃষ্টি হয়।

মন কৰিবলগীয়া যে এই একেখন মেলবৰ্ণ পিটচে পূৰ্বৰ তিনিখন বক্সিং ডে’ টেষ্টত আইচিচিৰ পৰা “অতি ভাল” ৰেটিং লাভ কৰিছিল যদিও এইবাৰ ই মানদণ্ড পূৰণ কৰিব নোৱাৰিলে।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ মুৰব্বী জেমছ অলছপে নিজৰ হতাশা প্ৰকাশ কৰি কয় যে, তৃতীয় আৰু চতুৰ্থ দিনৰ বাবে টিকট থকা দৰ্শকৰ লগতে এই মেচখন চাবলৈ উৎসাহিত হোৱা অষ্ট্ৰেলিয়া আৰু বিশ্বৰ লাখ লাখ অনুৰাগীৰ বাবেও আমি হতাশ। পিটচখনে এমচিজিৰ পৰম্পৰাগত পৰিচয় অৰ্থাৎ বেট আৰু বলৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত ব্যৰ্থ হ'ল।

পিটচ কিউৰেটৰ মেট পেজেও মেচখনৰ পিছত নিজৰ হতাশা আৰু আশ্চৰ্য্য প্ৰকাশ কৰে।

তেওঁ কয়, মই সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিলোঁ। মই আগতে কেতিয়াও এনেকুৱা টেষ্ট মেচৰ সাক্ষী হোৱা নাই, আৰু আশা কৰিছো যে আৰু কেতিয়াও অনুভৱ নকৰো। দুদিনত যিখিনি ঘটিল সেয়া ৰোলাৰ ক'ষ্টাৰ ৰাইডতকৈ কম নাছিল।

মেলবৰ্ণ টেষ্ট খেলপথাৰ সন্দৰ্ভত উত্থাপিত এই প্ৰশ্নবোৰে ক্ৰিকেট জগতত পুনৰবাৰ পিটচৰ মানদণ্ড আৰু টেষ্ট ক্ৰিকেটৰ ভৱিষ্যতক লৈ বিতৰ্কৰ সূচনা কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande