
মেলবৰ্ণ, ২৯ ডিচেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ মুখ্য প্ৰশিক্ষক তথা নিৰ্বাচক এণ্ড্ৰু মেকড’নাল্ডে স্পষ্ট কৰি দিছে যে প্ৰবীণ বেটছমেন উছমান খোৱাজাই ছিডনী ক্ৰিকেট খেলপথাৰত ইংলেণ্ডৰ বিৰুদ্ধে এছেছ শৃংখলাৰ পঞ্চম আৰু অন্তিমখন টেষ্ট খেলিব আৰু এইখন তেওঁৰ শেষ টেষ্ট মেচ নহ’ব। শেহতীয়াকৈ সংবাদ মাধ্যমত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল যে ছিডনী টেষ্ট খোৱাজাৰ শেষ আন্তঃৰাষ্ট্ৰীয় মেচ হ’ব পাৰে।
৩৯ বছৰীয়া খোৱাজা বৰ্তমানৰ অষ্ট্ৰেলিয়ান দলৰ আটাইতকৈ বয়সীয়াল খেলুৱৈ। দলৰ পৰিৱৰ্তন আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে শেহতীয়া মেচসমূহত তেওঁৰ বেটিং অৰ্ডাৰ সলনি হোৱাত তেওঁৰ স্থানক লৈ প্ৰশ্ন উত্থাপন হৈছে। ট্ৰেভিছ হেডক অ’পেনাৰ হিচাপে স্থান দিয়াৰ পিছত খোৱাজাই তৃতীয় এডিলেইড টেষ্টত ৪ নম্বৰ আৰু মেলবৰ্ণত খেলা চতুৰ্থ টেষ্টত ৫ নম্বৰত বেটিং কৰে।
অৱশ্যে এণ্ড্ৰু মেকড’নাল্ডে সকলো জল্পনা-কল্পনাক খাৰিজ কৰি কয় যে তেওঁ খোৱাজাৰ সৈতে নিজৰ ভৱিষ্যতৰ বিষয়ে কথা পতা নাই।
সোমবাৰে মেলবৰ্ণত সংবাদ মাধ্যমৰ আগত মেকড’নাল্ডে কয় যে, মোৰ পৰা কোনো ইংগিত পোৱা নাই যে তেওঁ ছিডনীত নিজৰ কেৰিয়াৰ শেষ কৰিব। এই কেলেণ্ডাৰ বছৰত তেওঁৰ প্ৰদৰ্শন নিৰ্বাচনৰ যোগ্য, গতিকে তেওঁ ছিডনী টেষ্টত খেলিব।
খোৱাজাইও নিজৰ ভৱিষ্যত সন্দৰ্ভত কোনো ৰাজহুৱা বক্তব্য দিয়া নাই। ৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ছিডনী টেষ্টৰ পূৰ্বে পৰিয়ালৰ সৈতে সময় কটাবলৈ কুইন্সলেণ্ডলৈ উভতি আহিছিল।
এতিয়ালৈকে এছেছৰ প্ৰদৰ্শন
৮৭খন টেষ্ট মেচ খেলা উছমান খোৱাজাই এই এছেছ ছিৰিজৰ প্ৰথমখন টেষ্টত (পাৰ্থ) পিঠিৰ স্পামৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁ ব্রিজবেনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টৰ পৰা আঁতৰি আছিল৷ ইয়াৰ পিছত তেওঁ এডিলেইড টেষ্টত গুৰুত্বপূৰ্ণ ৮২ ৰান খেলিবলৈ উভতি আহি দুখন মেচ বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াক শৃংখলা জয় কৰাত সহায় কৰে।
কিন্তু মেলবৰ্ণ টেষ্টত খোৱাজাৰ প্ৰদৰ্শন ক্ষীণ আছিল, দুয়োটা ইনিংছতে ২৯ আৰু ০ ৰান সংগ্ৰহ কৰিছিল। মেচখনত অষ্ট্ৰেলিয়া ৪ উইকেটত পৰাস্ত হয়।
যদিও দ্বিতীয় ইনিংছত তেওঁক আউট হোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে, পৰিসংখ্যাগতভাৱে তেওঁ এই শৃংখলাত আন কেইবাজনো অষ্ট্ৰেলিয়ান বেটছমেনতকৈ ভাল প্ৰদৰ্শন কৰিছে, য’ত আছে অ’পেনাৰ জেক ৱেদাৰল্ড, মাৰ্নাছ লাবুশ্বেন, অল ৰাউণ্ডাৰ কেমেৰন গ্ৰীণ। বৰ্তমান অষ্ট্ৰেলিয়াই পাঁচটা টেষ্ট এছেছ শৃংখলাত ৩-১ ব্যৱধানত আগবাঢ়ি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ