লখিমপুৰৰ ২ নং ইছলামপুৰত হেৰ‌’ইন ভৰ্তি কণ্টেইনাৰসহ আটক দুই সৰবৰাহকাৰী
লখিমপুৰৰ ২ নং ইছলামপুৰত লালুক আৰক্ষীৰ অভিযান ।
লখিমপুৰৰ ২ নং ইছলামপুৰত হেৰ‌’ইন ভৰ্তি কণ্টেইনাৰসহ আটক দুই সৰবৰাহকাৰী


লখিমপুৰ, ১৪ ডিচেম্বৰ (হি.স.): লখিমপুৰৰ ২ নং ইছলামপুৰত যোৱা কালি শনিবাৰে নিশা লালুক আৰক্ষীৰ অভিযান চলে । এই অভিযানত ৪০ টা সন্দেহযুক্ত হেৰ‌ইন ভৰ্তি কণ্টেইনাৰসহ দুই সৰবৰাহকাৰী আটক হয়।

ধৃত সৰবৰাহকাৰী দুটা বঙালমৰাৰ ২ নং আহমেদপুৰৰ হাবিজুল ইছলাম আৰু ১ নং মিৰি গাঁৱৰ ইক্ৰামুল হুছেইন বুলি পৰিচয় পোৱা গৈছে।অভিযান কালত জব্দ নগদ ২২৯৪০ টকা, এটা স্কুটি বাহন । সম্প্ৰতি লালুক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে দুই সৰবৰাহকাৰীক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande