
বিশ্বনাথ, ১৩ ডিচেম্বৰ (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ গমিৰিৰ নেপালী পথাৰত আজি এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। নিজ পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃক।
ভুৱন নেউপানে নামৰ যুৱক জনে তেওঁৰ নিজ পিতৃ টিকাৰাম নেউপানে(৭৫)ক দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে। ইয়াৰ পিছত হত্যাকাৰী পুত্ৰ ভুৱন নেউপানেই হেলেম আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ আগত পিতৃক হত্যা কৰি অহাৰ কথা জনায় ।
উল্লেখযোগ্য যে ভুৱন নেউপানে হৈছে টিকাৰাম নেউপানেৰ জ্যেষ্ঠ পুত্ৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ