
তামুলপুৰ, ০৪ নৱেম্বৰ (হি.স.)। তামুলপুৰত ‘অসম মালাৰ’ পথ স্থানান্তৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ।
তামুলপুৰ জিলাৰ দক্ষিণ কুমাৰীকাটাৰ পৰা টেবিটোলালৈ যোৱা “অসমমালাৰ” পথ নিৰ্মাণ কাৰ্য নিবিদা সম্পন্ন হোৱাৰ পিছতো আকস্মিকভাৱে অন্য স্থানলৈ স্থানান্তৰ হোৱাত স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি ।
এই ঘটনাৰ বিৰুদ্ধে আজি স্থানীয় ৰাইজে ৰঙিয়া–ভূটান সংযোগী পথৰ দক্ষিণ কুমাৰীকাটাত তীব্ৰ প্ৰতিবাদৰ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে আমাৰ ৰাস্তা ঘুৰাই দিয়ক, হাগ্ৰামা মহিলাৰী হাই হাই, হিমন্ত বিশ্ব শর্মা মিছলীয়া, মুখ্যমন্ত্ৰী মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু