
শোণিতপুৰ, ২৭ নৱেম্বৰ (হি.স.)। সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সংস্থা আৰু ৰাজ্যৰ অন্যান্য সংস্থা-সংগঠনৰ আহ্বানত আজি ৰাজ্যজুৰি চলা কৰ্ম বিৰতিৰ কাৰ্যসূচীত তেজপুৰ তথা জিলাখনত সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায় ।
উল্লেখ্য যে এন পি এচ, ইউপিএছৰ বিৰুদ্ধে আৰু ওপিএছ পুন: প্ৰতিষ্ঠাৰ দাবীৰে দিনযোৰা সৰ্বাত্মক কৰ্ম বিৰতি ঘোষিত হোৱাৰ বাবে আজি মহাবিদ্যালয়, বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ৰ এন পি এছ কৰ্মচাৰী সকলে উপস্থিতিৰ বহীত স্বাক্ষৰ প্ৰদান কৰি নিজ নিজ কৰ্মৰ পৰা বিৰত থাকি প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনত এই প্ৰতিবাদী কাৰ্য্যসূচী সফল কৰি তোলাৰ বাবে জিলা সমিতিৰ সভাপতি জয়ন্ত বৰদলৈ আৰু সম্পাদক ৰোহিণী দাসে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ