তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ আয়োজন
–প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্থাৰ বৰ্ণাঢ্য আয়োজন, ১৪ ডিচেম্বৰত সকলো প্ৰাক্তন শিক্ষাৰ্থীৰ উপস্থিতি কামনা শোণিতপুৰ, ২৭ নৱেম্বৰ (হি.স.)। জ্ঞানঅন্বেষী আলোকসন্ধানী যাত্ৰাৰ কৃত সংকল্পৰে বহুকেইগৰাকী শিক্ষানুৰাগী, দূৰদৃষ্টি সম্পন্ন বদান্য ব্যক্তিৰ প্ৰচেষ
তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ আয়োজন


–প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্থাৰ বৰ্ণাঢ্য আয়োজন,

১৪ ডিচেম্বৰত সকলো প্ৰাক্তন শিক্ষাৰ্থীৰ উপস্থিতি কামনা

শোণিতপুৰ, ২৭ নৱেম্বৰ (হি.স.)। জ্ঞানঅন্বেষী আলোকসন্ধানী যাত্ৰাৰ কৃত সংকল্পৰে বহুকেইগৰাকী শিক্ষানুৰাগী, দূৰদৃষ্টি সম্পন্ন বদান্য ব্যক্তিৰ প্ৰচেষ্টাত ১৯৪৫ চনৰ ২৬ জুলাইৰ দিনটোৰ পৰা শৈক্ষিক তথা বিদ্যায়তনিক উৎকৰ্ষতাৰ চানেকি ৰাখি অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰখনৰ অগ্ৰনী অনুষ্ঠান হিচাপে ইতিমধ্যে মহাৰজত জয়ন্তী অতিক্ৰমি ৮২ বছৰত ভৰি দিয়া দৰং মহাবিদ্যালয়ে শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত শাসিত স্বীকৃতি লাভ কৰি সকলোকে গৌৰৱান্বিত কৰি তুলিছে ।

এগৰাকী প্ৰকৃত ,উপযুক্ত মানৱ সম্পদ হ'ব পৰাকৈ প্ৰায় আধুনিক শিক্ষাদানত ফেৰ মাৰিব পৰাকৈ সকলো বিষয়ক সামৰি মন মগজুৰ কৰ্ষনস্হলী হৈ সমগ্ৰ দেশৰে অন্যতম শৈক্ষিক তথা বৌদ্ধিক উৎকৰ্ষ সাধনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাত মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে ব্যাপক ততপৰতা আৰম্ভ কৰিছে মহাবিদ্যালয়খনক লৈ । প্ৰাক্তন শিক্ষাৰ্থী সকলে মহাবিদ্যালয়খনৰ গৌৰৱৰ অংশীদাৰ হোৱাৰ সমান্তৰাল ভাৱে প্ৰাক্তন শিক্ষাৰ্থী হিচাপে মহাবিদ্যালয়খনৰ শৈক্ষিক উত্তৰণক অগ্ৰাধিকাৰ প্ৰদান কৰি আন্ত:গাঁথনি উন্নত কৰাৰ বাবেও কেতবোৰ কৰণীয় আছে বুলি অনুভৱ কৰি সকলো প্ৰাক্তন শিক্ষাৰ্থীক একত্ৰিত কৰি প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্হাক আৰু অধিক গতিশীল কৰি তোলাৰ সংকল্প গ্ৰহণ কৰিছোঁ ।

ইয়াৰ অংশ হিচাপেই প্ৰথম পদক্ষেপ হিচাপে অহা ১৪ ডিচেম্বৰ ২০২৫ তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়খনত বৰ্ণাঢ্য কাৰ্যসূচীৰে এখন সতীৰ্থ সন্মিলন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই উপলক্ষে ইতিমধ্যে সংস্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই কাৰ্যসূচী প্ৰস্তুত কৰি প্ৰত্যেকগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বাবে পঞ্জীয়ণ মাচুল নিম্নতম ১০০০ টকা নিৰ্ধাৰণ কৰি আগবঢ়াত বহুসংখ্যক শিক্ষাৰ্থীয়ে সঁহাৰি জনাইছে যদিও দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা প্ৰাক্তন শিক্ষাৰ্থী সকলৰ সঁহাৰি কামনা কৰিছে ।দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্থাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, সাধাৰণ সম্পাদক ড০ হেমন্ত জ্যোতি নাথ আৰু সহকাৰী সম্পাদক দ্বয় অচ্যুত শৰ্মা আৰু ইন্দ্ৰানী তামুলীয়ে এই সতীৰ্থ সন্মিলন সন্দৰ্ভত কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত আপোন মহাবিদ্যালয়খনৰ সামগ্ৰীক উত্তৰণৰ এই যাত্ৰাৰ প্ৰতি সঁহাৰি জনাই এই সজ উদ্দেশ্যক সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত সকলো প্ৰাক্তন শিক্ষাৰ্থীৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰি সতীৰ সন্মিলনখন সফলকাম কৰি তুলিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে যোগাযোগৰ বাবে ফোন নম্বৰ -9435183744 ,8638010346 ,9101088622 ,9206110105 ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande