
ধুবুৰী, ০১ নৱেম্বৰ (হি.স.): গো পশুধনৰ পিছে পিছে অব্যাহত আছে ম'হৰ চোৰাং ছিণ্ডিকেট। গোলকগঞ্জ আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি শুকুৰবাৰে বিয়লি অভিযান চলাই ৭ টাকৈ ম'হ জব্দ কৰে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গোলকগঞ্জ আৰক্ষীয়ে এএছ ১৭ চি ৫৫৭৬ আৰু এএছ ১৭ বি ৬৯৩৭ নম্বৰৰ দুখন বলেৰো পিকআপ ভেন আটক কৰে। বাহন দুখনৰ পৰা আৰক্ষীয়ে ৭ টাকৈ ম'হ উদ্ধাৰ কৰে।
উল্লেখ্য যে আটাইকেইটা ম'হৰ কানত আধাৰকাৰ্ট লগোৱা আছিল। লগতে জিলা পশু চিকিৎসা বিষায়াৰ চহী থকা নথি আছিল। আধাৰকাৰ্ট আৰু নথি-পত্ৰ থকা সত্বেও আৰক্ষীয়ে কিয় আটক কৰিলে সেয়া জানিব পৰা নাই।আনহাতে এটা চক্ৰই বহি: ৰাজ্যৰ পৰা ম'হ খোজকঢ়াই আনি অসম বংগ সীমান্তৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ৰাখি আধাৰকাৰ্ট আৰু নথি-পত্ৰ বনাই লয়। তাৰ পিছত চাৰি চকীয়া বাহনেৰে বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ