
হাইলাকান্দি, ৩১ অক্টোবৰ (হি.স.): ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱা কালি বৃহস্পতিবাৰে নিশা আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ৭ গ্ৰাম হেৰ'ইন। লগতে এই সন্দৰ্ভত এজন সৰবৰাহকাৰী কৰায়ত্ত কৰা হয়।
হাইলাকান্দি জিলাৰ কাটলিছেৰা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই অভিযানত কাটলিছেৰা ৰেলৱে ষ্টেনৰ সম্মুখত এজন যুবক পৰা ৭ গ্ৰাম হেৰ'ইন সহ ১২ টা খালি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা যুৱকজন ৰূপম দেব বুলি জানিব পৰা গৈছে। ধৃত ৰূপম দেবৰ ঘৰ হৈছে কাটলিছেৰাৰ ৰাংগাবাক প্ৰথম খণ্ডত। জব্দকৃত ড্ৰাগছৰ বাজাৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব বুলি জনাইছে আৰক্ষীয়ে। ইতিমধ্যে এই যুৱকজনক আৰক্ষীয়ে আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ