মৈৰাবাৰীৰ লেংৰিবৰীত ড্ৰাগছসহ আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী
মৈৰাবাৰীৰ লেংৰিবৰীত ড্ৰাগছসহ আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী।
মৈৰাবাৰীৰ লেংৰিবৰীত ড্ৰাগছসহ আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী


মৰিগাঁও, ৩১ অক্টোবৰ (হি.স.): মৈৰাবাৰীৰ লেংৰিবৰীত ড্ৰাগছসহ আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী। যোৱা কালি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাই মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লেংৰিবৰী গাঁৱৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ ব্যৱসায়ী জনৰ নাম জিয়াবুৰ ৰহমান ইমান দিনে মৰিগাঁও আৰক্ষীৰ মূৰৰ কামোৰণি আছিল ধৃত জিয়াবুৰ। দীৰ্ঘদিনৰ পৰাই জিয়াবুৰে লেংৰিবৰী গাঁৱৰ অলিয়ে গলিয়ে ড্ৰাগছ ব্যৱসায় চলাই আহিছিল। ধৃত জিয়াবুৰ ৰহমানক বিচাৰি আৰক্ষীয়ে কেইবাৰো অভিযান চলাইছিল যদিও আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হৈছিল জিয়াবুৰে। ইয়াৰ মাজতে যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া গোপন সূত্ৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাই ড্ৰাগছ পেডলাৰ জিয়াবুৰক নিজ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটোৱে। ধৃত ড্ৰাগছ পেডলাৰ জিয়াবুৰৰ পৰা দুটা ড্ৰাগছ ভৰ্তি বাকচ উদ্ধাৰ কৰে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande