
শোণিতপুৰ, ৩১ অক্টোবৰ (হি.স.)।:
তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা নাগৰিক অধিকাৰ আন্দোলনে পূৰ্ণ কৰিলে ৩৯ দিন ৷ বিশ্ববিদ্যালয়খনত প্ৰতীকী সমাৱেশৰে ইয়াত অব্যাহত অনিয়মৰ বিৰুদ্ধে সমদল কৰে ছাত্ৰ-ছাত্ৰী, তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অশিক্ষক কৰ্মচাৰী সন্থাৰ সদস্যসকলে ৷
সকলোৱে ক’লা কাপোৰ আৰু ক’লা মাস্ক পৰিধান কৰি একেলগে সমদল উলিয়াই কয় যে, ক’লা ৰঙক প্ৰতিষ্ঠানিক শোক আৰু ক্ষোভৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ লগতে মুখাবোৰে উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙৰ অধীনত প্ৰশাসনৰ ছদ্মবেশত লুকাই থকা সকলক প্ৰতিবাদকাৰীসকলে বৰ্ণনা কৰে। বিশ্ববিদ্যালয় চৌহদত হোৱা এই সমাবেশত অংশগ্ৰহণকাৰীসকলে কয় যে এই প্ৰতিবাদ হৈছে যোৱা ডেৰ-দুবছৰ ধৰি বিশ্ববিদ্যালয়খনত ধাৰাবাহিক দুৰ্নীতি, অনৈতিক আৰু অস্বচ্ছ প্ৰশাসনিক কাৰ্যৰ বিৰুদ্ধে এমাহতকৈ অধিক সময় ধৰি গ্ৰহণ কৰা স্থিতিৰ ধাৰাবাহিকতা। সৌন্দৰ্যবৰ্ধনৰ নামত সংঘটিত হোৱা পৰিবেশ ধ্বংসক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে।
প্ৰতিবাদকাৰীসকলে দাবী কৰে যে স্বেচ্ছাচাৰী সিদ্ধান্ত গ্ৰহণ, স্বচ্ছতাৰ অভাৱ আৰু প্ৰতিষ্ঠানিক বিশ্বাসযোগ্যতাৰ ক্ষতি কৰা প্ৰশ্নবোধক পদ্ধতিৰ বাবে শৈক্ষিক আৰু প্ৰশাসনিক কাৰ্য কলাপত ক্ষতিসাধন হৈছে। ৩৯ দিন সম্পূৰ্ণ কৰা এই আন্দোলনৰ ন্যায় প্ৰাপ্তি নোহোৱালৈকে আৰু বিশ্ববিদ্যালয় চৌহদৰ মৰ্যাদা পুনৰুদ্ধাৰ নোহোৱালৈকে এইদৰে শান্তিপূৰ্ণ আন্দোলন অব্যাহত থাকিব বুলিও প্ৰতিবাদকাৰী সকলে সদৰী কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ