অসমৰ ঔদ্যোগিক পুনৰুত্থান আৰু ভাৰতৰ প্ৰযুক্তি চালিত ভবিষ্যতৰ প্ৰতিভূ হিচাপে জাগিৰোড উজলি উঠিছে- উদ্যোগ মন্ত্রী বিমল বড়া
কৰ্ণাটকৰ মন্ত্রী প্ৰিয়ংক খাৰ্গেক তীব্ৰ কটাক্ষ গুৱাহাটী, ৩১ অক্টোবৰ (হি.স.)। অসমৰ ঔদ্যোগিক পুনৰুত্থান আৰু ভাৰতৰ প্ৰযুক্তি চালিত ভবিষ্যতৰ প্ৰতিভূ হিচাপে জাগিৰোড উজলি উঠিছে- আজি দিছপুৰৰ জনতা ভৱন স্হিত নিজ কাৰ্যালয় কক্ষত এক সংবাদ মেলক সম্বোধন কৰি ৰা
অসমৰ ঔদ্যোগিক পুনৰুত্থান আৰু ভাৰতৰ প্ৰযুক্তি চালিত ভবিষ্যতৰ প্ৰতিভূ হিচাপে জাগিৰোড উজলি উঠিছে- উদ্যোগ মন্ত্রী বিমল বড়া


কৰ্ণাটকৰ মন্ত্রী প্ৰিয়ংক খাৰ্গেক তীব্ৰ কটাক্ষ

গুৱাহাটী, ৩১ অক্টোবৰ (হি.স.)। অসমৰ ঔদ্যোগিক পুনৰুত্থান আৰু ভাৰতৰ প্ৰযুক্তি চালিত ভবিষ্যতৰ প্ৰতিভূ হিচাপে জাগিৰোড উজলি উঠিছে- আজি দিছপুৰৰ জনতা ভৱন স্হিত নিজ কাৰ্যালয় কক্ষত এক সংবাদ মেলক সম্বোধন কৰি ৰাজ্যৰ উদ্যোগ ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়।

টাটা চনছে ২৭ হেজাৰ কৌটি টকা বিনিয়োগেৰে জাগীৰোডত স্হাপন কৰা টাটা ছেমী কণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট (অ'ছেট) প্ৰকল্পটো আজি ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ এক নিদৰ্শন হৈ পৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী বড়াই কয় যে এই প্ৰকল্পটো অসমৰ ঔদ্যোগিক ইতিহাসৰ সৰ্ববৃহৎ বিনিয়োগেই নহয় ই দেশৰ ভিতৰতে আটাইতকৈ উন্নত ছেমী কণ্ডাক্টৰ উৎপাদন প্ৰকল্প। দেশৰ ছেমী কণ্ডাক্টৰ প্ৰকল্প সমূহৰ ভিতৰত দ্বিতীয় সৰ্বাধিক ধন বিনিয়োগ হোৱা জাগিৰোডৰ প্ৰকল্পটো হৈছে অসমক ইলেক্ট্রনিকচ আৰু ছেমী কণ্ডাক্টৰ উৎপাদনৰ ক্ষেত্ৰত এক বিশ্বকেন্দ্র হিচাপে গঢ়ি তোলাৰ এক আৰম্ভণি-মন্ত্ৰী বড়াই কয়।

আগন্তুক ২০২৬ চনত কাৰ্যক্ষম হৈ উঠিব লগা প্ৰকল্পটোত দৈনিক ৪৮ নিযুত চিপছ উৎপাদন হ'ব বুলি ব্যক্ত কৰি উদ্যোগ মন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পটোৰ উন্নত মানৰ পেকেজিং প্ৰযুক্তিৰ কথাও কয়। ইয়াৰ ৱায়াৰ বণ্ড, ফ্লিপচিপ আৰু ইন্টিগ্ৰেটেড চিষ্টেম ইন পেকেজ (চিপ) ৰ বিষয়ে উনুকীয়াই যিবোৰে অটোমেটিক, টেলিকম, কৃত্রিম বুদ্ধিমত্তা আৰু কনজুমাৰ ইলেকট্রনিকচৰ দৰে উদ্যোগ সমূহৰ মূল উপাদান হিচাপে কাম কৰে বুলিও কয়।

প্ৰায় ২৭হেজাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্হাপনৰ সুযোগ আগবঢ়াবলগা এই প্ৰকল্পটোৱে অসমৰ যুৱচামৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে বিশ্বৰ মেধা সম্পন্ন লোকক অসমলৈ আকৰ্ষিত কৰিব বুলিও মন্ত্রী গৰাকীয়ে সংবাদমেলখনত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ৰতন টাটা ইলেক্ট্রনিক চিটি হিচাপে নামকৰণ কৰা প্ৰকল্পটো এতিয়া টিছেটৰ বাবে সা -সঁজুলিৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিব বুলি মন্তব্য কৰি মন্ত্রী বড়াই এডভান্টেজ অসম ২.০ শীর্ষ সন্মিলনত জাপানৰ ডিস্ক কৰ্পোৰেচন এণ্ড ৰিজনেক হোল্ডিংচ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেলাৰ ইন্ডাষ্ট্রিজ এণ্ড ই চি এ এডভান্সড ছলিউচন আদিৰ দৰে বিশ্বৰ আগশাৰীৰ অৰ্দ্ধ পৰিবাহী সজুলি আৰু উপাদান নিৰ্মাতা কোম্পানীৰ সৈতে ১৪খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা দোহাৰি শেহতীয়া ভাৱে ডি এইচ এল, কনক'ৰ, নিপ্পন, এক্সপ্ৰেছকে ধৰি বিশ্বৰ বহু আগশাৰীৰ প্ৰতিষ্ঠানে জাগিৰোডত তেওলোকৰ উৎপাদন গোট স্হাপনৰ বাবে আগুৱাই অহা বুলিও সংবাদ মেল খনত সাংবাদিক সকলক তেওঁ জানিবলৈ দিয়ে।

শেহতীয়া ভাবে কৰ্ণাটক চৰকাৰৰ মন্ত্রী তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেই কৰ্ণাটকত স্হাপন নকৰি কোনো মেধাসম্পন্ন ব্যক্তি নথকা অসমত কিয় ছেমী কণ্ডাক্টৰ প্ৰকল্প স্হাপন কৰা হৈছে বুলি কৰা মন্তব্যক অসমৰ যুৱক যুৱতী সকলৰ বাবে চূড়ান্ত অপমান জনক বুলি কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্রী গৰাকীক সংবাদমেল খনত মন্ত্রী বড়াই তীব্ৰ কটাক্ষ কৰে।

মন্ত্রী বড়াই কংগ্ৰেছে সদাই অসমক মাহী আইৰ দৃষ্টিৰে চাই অহা বুলিও সংবাদমেল খনত ব্যক্ত কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande