
শোণিতপুৰ, ৩১ অক্টোবৰ (হি.স.)। ৰাজ্যৰ জাতীয় জীৱনৰ স’তে সম্পৰ্কিত বিষয়ৰ লগতে বৃহত্তৰ তেজপুৰৰ বিভিন্ন সমস্যা তথা আৰ্থ-সামাজিক উত্তৰণকেন্দ্ৰিক বিষয়ত জনমত গঠন কৰা আৰু সেই জনমতক প্ৰতিফলিত কৰা যথাযোগ্য পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যৰে যোৱা ২৮ অক্টোবৰত তেজপুৰত ‘তেজপুৰ নাগৰিক সমাজ’ নামৰ এক নাগৰিক সমিতি গঠন কৰা হয়৷ তেজপুৰ ৰাজহ চক্ৰৰ এলেকাক সামৰি বিভিন্ন অঞ্চলৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে তেজপুৰ একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সভাত এই নাগৰিক সমাজ গঠন কৰা হয়৷
তেজপুৰৰ সৰবৰহী ৰাজহুৱা কৰ্মী তথা অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক পূৰ্ণেশ্বৰ নাথৰ সভাপতিত্বত আৰু বৃহত্তৰ তেজপুৰৰ ভিন্ন প্ৰান্তৰৰ শতাধিক নাগৰিকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই সভাৰ আৰম্ভণিতে প্ৰজন্মৰ কণ্ঠ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদান আৰু দোষীক কঠোৰতম শাস্তিৰ দাবী তুলি এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷
বৃহত্তৰ তেজপুৰৰ বিভিন্ন সমস্যা আৰু সম্ভাৱনাৰ আৰু এই সন্দৰ্ভত জনমত গঠন কৰি সংগঠতি ৰূপত প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে নাগৰিকসকলৰ এক সামূহিক মঞ্চৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি অৱসৰী কলেজ শিক্ষক ডঃ সতীশ ভট্টাচাৰ্য, ডঃ শৈলেন্দ্ৰ বৰঠাকুৰ, ডঃ গহন চন্দ্ৰ মহন্ত, অৱসৰী ন্যায়াধীশ সুঠাম দাস, জ্যেষ্ঠ অধিবক্তা পুতুল বৰা, অধিবক্তা পৰমা কাকতি, ৰাজহুৱা কৰ্মী পুলিন ভট্টাচাৰ্যী, লক্ষী শইকীয়া, সাংবাদিক পংকজ কুমাৰ নাথ, প্ৰশান্ত দাস, সাংস্কৃতিক কৰ্মী শান্তনু মহন্ত, ৰাজহুৱা কৰ্মী ৰতন দত্ত, মিনুমা বড়ো, সোণালী ভাগৱতী, অনিল ডেকা, সুকুমাৰ ঘোষ, ইছফাকুৰ হুছেইন আদিয়ে বক্তব্য প্ৰদান কৰে৷ দীঘলীয়া আলোচনামৰ্মে সভাই ডঃ সতীশ ভট্টাচাৰ্য, ডঃ শৈলেন্দ্ৰ বৰঠাকুৰ, ডঃ গহন মহন্ত, সুঠাম দাস, নিৰ্মল কলিতাক, উপদেষ্টা, পূৰ্ণেশ্বৰ নাথক সভাপতি, পুতুল বৰা, পুলিন ভট্টাচাৰ্যী, শান্তনু বৰুৱা, লক্ষী শইকীয়া আৰু হেমন্ত পাঠকক উপ সভাপতি, অঞ্জন গোস্বামীক সম্পাদক, অনিল ডেকা, পংকজ কুমাৰ নাথক যুটীয়া সম্পাদক, দুল গোস্বামী, ৰতন দত্ত, মিন্টু হেমৰম আৰু ৰাজীৱ বৰুৱাক সহকাৰী সম্পাদক, প্ৰশান্ত দাসক কাৰ্যালয় সম্পাদক, নাৰায়ণ বৰ্মণক প্ৰচাৰ সম্পাদক আৰু সীমান্তজিৎ বৰুৱাক কোষাধ্যক্ষৰূপে লৈ তেজপুৰ নাগৰিক সমাজৰ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰে৷
সদৌ অসম সাংবাদিক সন্থাৰ তেদপুৰস্থ কাৰ্যালয়তে তেজপুৰ নাগৰিক সমাজৰ অস্থায়ী কাৰ্যালয় চলোৱা হ’ব বুলি সভাত ঘোষিত হোৱাৰ লগতে পৰৱৰ্ত্তী সভাত নাগৰিক সমাজৰ কাৰ্যক্ৰমণিকাৰ সবিশেষ প্ৰস্তুত কৰি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সভাই তেজপুৰ বিশ্ববিদ্যালয়ত সম্প্ৰতি বাহাল হৈ থকা পৰিবেশত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে একনায়কত্ববাদী প্ৰশাসন আৰু ব্যাপক দুৰ্নীতি-অনিয়মত লিপ্ত হোৱা উপাচাৰ্য শম্ভুনাথ সিঙক বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী-শিক্ষক আৰু কৰ্মচাৰীয়ে তোলা দাবী অনুসৰি অপসাৰণ কৰি বিশ্ববিদ্যালয়খনলৈ সুুস্থিৰ পৰিৱেশ ঘূৰাই অনাত তৎপৰ হ’বলৈ সভাই সংশ্লিষ্ট কতৃৰ্পক্ষক দাবী জনায়৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ