নৰসিংহপুৰত আৰক্ষী - চিআৰপিএফৰ যৌথ অভিযানত উদ্ধাৰ ৩ কাৰ্টুন কফ চিৰাফ, আটক ১
কাছাৰ, ২৪ অক্টোবৰ (হি.স.)। সোনাই নৰসিংহপুৰত আৰক্ষী - চিআৰপিএফৰ যুটীয়া অভিযান, উদ্ধাৰ বুজন পৰিমাণৰ কফ চিৰাফ, আটক ১। কাছাৰৰ সোনাই নৰসিংহপুৰত ৩০৬ নম্বৰ শিলচৰ - মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এখন অটোৰ পৰা আৰক্ষী আৰু চিআৰপিএফ বাহিনী যৌথ অভিযান চলাই
নৰসিংহপুৰত আৰক্ষী - চিআৰপিএফৰ যৌথ অভিযানত উদ্ধাৰ ৩ কাৰ্টুন কফ চিৰাফ, আটক ১


কাছাৰ, ২৪ অক্টোবৰ (হি.স.)। সোনাই নৰসিংহপুৰত আৰক্ষী - চিআৰপিএফৰ যুটীয়া অভিযান, উদ্ধাৰ বুজন পৰিমাণৰ কফ চিৰাফ, আটক ১।

কাছাৰৰ সোনাই নৰসিংহপুৰত ৩০৬ নম্বৰ শিলচৰ - মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এখন অটোৰ পৰা আৰক্ষী আৰু চিআৰপিএফ বাহিনী যৌথ অভিযান চলাই উদ্ধাৰ কৰিছে বিপুল পৰিমাণৰ কফ চিৰাফ।

ৰাষ্ট্ৰীয় ঘাইপথৰ আনিষা হোটেলৰ সম্মুখত এখন অটোত তালাচি চলাই ৩ কাৰ্টুন ফেন্ছিডাইল কফ চিৰাফৰ বটল উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। লগতে গ্ৰেপ্তাৰ কৰা হৈছে সৰবৰাহকাৰী অটো চালক নজমুল হুছেইনক । ধৃত নজমুল হুছেইনৰ ঘৰ উত্তৰ কৃষ্ণপুৰত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande