হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছাদুজ্জামানৰ দেহাবসান
মানকাচৰ, ২৪ অক্টোবৰ (হি.স.)। হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছাদুজ্জামান (যুৱৰাজ) আৰু নাই। আজি পূৱতি নিশা প্ৰায় ২.৩০ বজাত নিজ ঘৰতে ইহলীলা সম্পন্ন হয় অধ্যাপক জনৰ। অহা ৩০ অক্টোবৰত অধ্যাপক জনৰ অৱসৰৰ দিন আছিল। অৱসৰৰ আজি ৬ দিন পূৰ্বে হঠা
হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছাদুজ্জামানৰ দেহাবসান


মানকাচৰ, ২৪ অক্টোবৰ (হি.স.)। হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছাদুজ্জামান (যুৱৰাজ) আৰু নাই। আজি পূৱতি নিশা প্ৰায় ২.৩০ বজাত নিজ ঘৰতে ইহলীলা সম্পন্ন হয় অধ্যাপক জনৰ। অহা ৩০ অক্টোবৰত অধ্যাপক জনৰ অৱসৰৰ দিন আছিল। অৱসৰৰ আজি ৬ দিন পূৰ্বে হঠাৎ নিশা মৃত্য মুখত পৰে।

সমগ্ৰ জিলা জুৰি গভীৰ শোকৰ ছাঁ পৰিছে। লক্ষণীয় যে অধ্যাপক জন অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আছিল। তেও ছাত্ৰ ছাত্ৰী আৰু মহাবিদ্য়ালয় খনৰ সহযোগী অধ্য়াপক, প্ৰৱক্তা সকলৰ মাজত মাজত অধিক জনপ্ৰিয় আছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande