
ধেমাজী, ২৪ অক্টোবৰ (হি.স.)। চিলাপথাৰত কলংকিত মাতৃৰ কৰুন সিন্ধান্ত। চিলাপথাৰ থানাৰ অন্তৰ্গত বেতনীপাম গাওঁ পঞ্চায়তৰ গাইনদীৰ কাষত আজি পুৱাই উদ্ধাৰ হয় এটা নৱজাত শিশু। কোনো পাষান হৃদয়ৰ পিতৃ– মাতৃয়ে নৱজাতক শিশু টোক গাইনদীৰ মথাউৰিৰ কাষত পেলাই থৈ যায় ।একাংশ প্ৰাতভ্ৰমণকাৰী লোকে শিশুটোক প্ৰত্য়ক্ষ কৰি জিলা শিশু কল্য়াণ পৰিষদৰ বিষয়াৰ সৈতে যোগাযোগ কৰে।
পিছত নৱজাতক শিশুটোক উদ্ধাৰ কৰি স্থানীয় ৰাইজে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
চিকিতসালয়ত ধেমাজী শিশু কল্য়াণ পৰিষদৰ দলে নৱজাতক শিশুটোক চমজি লৈ ধেমাজিলৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা