
ৱাশ্বিংটন, ২৪ অক্টোবৰ (হি.স.)। কাৰিকৰী ত্ৰুটিৰ বাবে আমেৰিকাৰ প্ৰধান বিমান সংস্থা আলাস্কা এয়াৰলাইন্সে সকলো বিমান সেৱা বন্ধ কৰি দিছে। কোম্পানীটোৰ তথ্য প্ৰযুক্তি (আই টি) নেটৱৰ্কত বিকলতাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।
ছিয়াটল টাইমছে প্ৰকাশ কৰা অনুসৰি বিমান সংস্থাটোৱে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪:২০ বজাত কয় যে আই টিৰ বিজুতিৰ ফলত কাৰ্য্যকলাপত প্ৰভাৱ পেলাইছে আৰু সকলো বিমান সাময়িকভাৱে বন্ধ কৰি দিছে। কোম্পানীটোৱে
জনোৱা মতে, আপাততঃ ছিয়াটল-টাকোমা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু অন্যান্য বিমানবন্দৰৰ পৰা আলাস্কাৰ বিমান চলাচল নহ’ব। বৃহস্পতিবাৰৰ বাবে বুকিং কৰা বিমান থকা যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ আলাস্কাই পৰামৰ্শ দিছে।
ইয়াৰ পূৰ্বে জুলাই মাহত আলাস্কাৰ আই টি সেৱাত ব্যাঘাত জন্মি প্ৰায় তিনি ঘণ্টা ধৰি বিঘিনি ঘটিছিল। এই বিঘিনি আলাস্কাৰ এটা ডাটা চেণ্টাৰত অপ্ৰত্যাশিত হাৰ্ডৱেৰ বিফলতাৰ বাবে হৈছিল। এই ব্যাঘাতৰ ফলত ২০০ৰো অধিক বিমান বাতিল হোৱাৰ লগতে ১৫,৬০০ লোকৰ ভ্ৰমণ পৰিকল্পনাত ব্যাঘাত জন্মে।
মন কৰিবলগীয়া যে আলাস্কা এয়াৰলাইন্স আমেৰিকাৰ সপ্তম বৃহত্তম বিমান সংস্থা। ৱাশ্বিংটনৰ ছিয়াটলত মুখ্য কাৰ্যালয় থকা আলাস্কাৰ ১৯৩২ চনত মেকগি এয়াৰৱেজ নামেৰে প্ৰতিষ্ঠা কৰা হয়। বৰ্তমান আলাস্কাই ১০০ টাতকৈও অধিক গন্তব্যস্থানত সেৱা আগবঢ়ায়।
---------------
हिन्दुस्थान समाचार / অৰৱিন্দ