
পেছাৱৰ, ২৪ অক্টোবৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ হাংগু জিলাত শুকুৰবাৰে আৰক্ষীৰ বাহনক লক্ষ্য কৰি সংঘটিত কৰা বোমা বিস্ফোৰণত এজন আৰক্ষী অধীক্ষককে ধৰি তিনিজন আৰক্ষী কৰ্মী নিহত হোৱাৰ লগতে আন দুজন আহত হয়।
খবৰ অনুসৰি বোমা বিস্ফোৰণৰ পূৰ্বে হাংগুৰ গুলমিনা অঞ্চলৰ এটা আৰক্ষী চেকপইণ্টক লক্ষ্য কৰি লোৱা হৈছিল। পিছত যেতিয়া আৰক্ষী অধীক্ষক (অপাৰেচন) আছাদ জুবাইৰ আৰু অন্যান্য বিষয়া ঘটনাস্থলীলৈ ৰাওনা হয়, তেতিয়া তেওঁলোকৰ বাহনখন দৰবান এলেকাৰ সমীপত উৰুৱাই দিয়া হয়।
এই বিস্ফোৰণত জুবাইৰৰ লগতে আন দুজন আৰক্ষী বিষয়া নিহত হোৱাৰ বিপৰীতে আহত হয় দুজন।
আহত বিষয়াকেইজনক লগে লগে হাংগু জিলা চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।
ইফালে গৃহমন্ত্ৰী মহছিন নকৱী আৰু ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আলী আমিন গণ্ডাপুৰে এই আক্ৰমণক তীব্ৰ গৰিহণা দি নিহত আৰক্ষী কৰ্মীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ