জেলেনস্কিৰ ভ্ৰমণৰ মাজতে ব্ৰিটেইনৰ মিত্ৰশক্তিক ইউক্ৰেইনৰ প্ৰতি সমৰ্থন বৃদ্ধি কৰিবলৈ আহ্বান
লণ্ডন, ২৪ অক্টোবৰ (হি.স.)। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ ব্ৰিটেইন ভ্ৰমণৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে মিত্ৰ দেশসমূহক ইউক্ৰেইনক অধিক সামৰিক আৰু অৰ্থনৈতিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়। ইফালে, বৃহস্পতিবাৰে উচ্চ প
जेलेंस्की और स्टार्मर


লণ্ডন, ২৪ অক্টোবৰ (হি.স.)। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ ব্ৰিটেইন ভ্ৰমণৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে মিত্ৰ দেশসমূহক ইউক্ৰেইনক অধিক সামৰিক আৰু অৰ্থনৈতিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়।

ইফালে, বৃহস্পতিবাৰে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে লণ্ডনত উপস্থিত হয় জেলেনস্কি। ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে পশ্চিমীয়া সমৰ্থক শক্তিশালী কৰাৰ বাবে জেলেনস্কিৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। তেওঁ ষ্টাৰমাৰ আৰু ইউৰোপৰ অন্যান্য নেতাসকলক সাক্ষাৎ কৰিব।

ষ্টাৰমাৰে কয়, ইউক্ৰেইনৰ স্বাধীনতা আমাৰ নিৰাপত্তাৰ সৈতে জড়িত। আমি আৰু পলম কৰিব নালাগে। সকলো মিত্ৰশক্তিয়ে সমৰ্থন বৃদ্ধি কৰিব লাগিব।

শেহতীয়াকৈ ব্ৰিটেইনে ইউক্ৰেইনলৈ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰশিক্ষণকে ধৰি অতিৰিক্ত ২.৫ বিলিয়ন পাউণ্ড সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। অৱশ্যে জেলেনস্কিয়ে কয় যে তেওঁক অধিক সহায়ৰ প্ৰয়োজন।

ইফালে ব্ৰিটেইনত উপস্থিত হোৱাৰ লগে লগে জেলেনস্কিয়ে বিমানবন্দৰত সাংবাদিকৰ আগত কয় যে, আমাৰ যুঁজ অব্যাহত আছে। বন্ধুৰ সহায়ত আমি জয়ী হ'ম। ইয়াৰ পিছত তেওঁ বাকিংহাম পেলেচত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ সৈতে ব্যক্তিগত বৈঠকত মিলিত হয় আৰু ৰাছিয়াৰ বিৰুদ্ধে বিশ্বজনীন সংহতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ব্ৰিটেইন ভ্ৰমণৰ সময়ত তেওঁ মধ্য লণ্ডনৰ ব্ৰিটিছ বৈদেশিক কাৰ্যালয়ত ষ্টাৰমাৰৰ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, নাটোৰ মহাসচিব মেট ফ্ৰেডেৰিকচেন আৰু ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande