ইটালীৰ গীৰ্জাত প্ৰায় ৪৪০০ লোকক যৌন নিৰ্যাতন
ৰোম, ২৪ অক্টোবৰ (হি.স.)। সমগ্ৰ ইটালীৰ বিভিন্ন গীৰ্জাৰ কেথলিক পুৰোহিতে বিগত পাঁচ বছৰত প্ৰায় ৪৪০০ লোকক যৌন নিৰ্যাতন চলাইছে। এই তথ্য প্ৰদান কৰিছে গীৰ্জাৰ যৌন নিৰ্যাতনৰ বলি হোৱা সৰ্ববৃহৎ গোট ৰেটে ল’আব্ৰুজ’ই। গোটটোৰ প্ৰতিষ্ঠাপক ফ্ৰান্সেস্কো জানাৰ্ডিৰ
वेटिकन सिटी


ৰোম, ২৪ অক্টোবৰ (হি.স.)। সমগ্ৰ ইটালীৰ বিভিন্ন গীৰ্জাৰ কেথলিক পুৰোহিতে বিগত পাঁচ বছৰত প্ৰায় ৪৪০০ লোকক যৌন নিৰ্যাতন চলাইছে।

এই তথ্য প্ৰদান কৰিছে গীৰ্জাৰ যৌন নিৰ্যাতনৰ বলি হোৱা সৰ্ববৃহৎ গোট ৰেটে ল’আব্ৰুজ’ই। গোটটোৰ প্ৰতিষ্ঠাপক ফ্ৰান্সেস্কো জানাৰ্ডিৰ মতে, বিগত পাঁচ বছৰত প্ৰায় ৪৪০০ লোকক কেথলিক পুৰোহিতৰ দ্বাৰা যৌন নিৰ্যাতন চলোৱা হৈছে।

তেওঁ কয় যে এই বেচৰকাৰী সংখ্যাটো ভুক্তভোগীৰ বক্তব্য, ন্যায়িক উৎস, আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। তেওঁ এই কথিত নিৰ্যাতন কিমান সময়ৰ বাবে সংঘটিত হৈছিল সেই কথা উল্লেখ কৰা নাই যদিও এই গোচৰসমূহ ২০২০ চনৰ পিছত সংঘটিত হোৱা বুলি উল্লেখ কৰিছে।

ইফালে, গোটটোৱে ১২৫০টা যৌন নিৰ্যাতনৰ অভিযোগৰ নথি-পত্ৰ সংগ্ৰহ কৰিছে। ইয়াৰে ১১০৬টা গোচৰত পুৰোহিত জড়িত আছিল, আনহাতে আন কিছুমান গোচৰত নন, কেটেচিষ্ট, স্বেচ্ছাসেৱক, শিক্ষক আৰু স্কাউট সদস্য জড়িত আছিল।

খবৰ অনুসৰি ১১০৬ জন সন্দেহযুক্ত অপৰাধীৰ ভিতৰত মাত্ৰ ৭৬ জনৰহে গীৰ্জাৰ আদালতত বিচাৰ চলিছিল। ইয়াৰে ১৭জনক সাময়িকভাৱে নিলম্বন কৰা হয়, ৭জনক বদলি কৰা হয় আৰু ১৮জনক পদচ্যুত কৰা হয় বা পুৰোহিতৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰা হয়। পাঁচজন সন্দেহযুক্ত লোকে আত্মহত্যা কৰে।

তথ্য অনুসৰি মুঠ ভুক্তভোগীৰ সংখ্যা ৪৬২৫ জন, ইয়াৰে ৪৩৯৫ জন পুৰোহিতৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈছিল। ইয়াৰ ভিতৰত ৪,১০৮ জন পুৰুষ, পাঁচগৰাকী নন, ১৫৬ গৰাকী শাৰীৰিকভাৱে অক্ষম প্ৰাপ্তবয়স্ক আৰু ১১ জন বিশেষভাৱে সক্ষম ব্যক্তিকে ধৰি ৪,৪৫১ জন নাবালক আছিল। ইয়াৰে অধিকাংশই পুৰুষ আৰু নাবালক।

জানাৰ্ডিয়ে কয় যে এই বেচৰকাৰী সংখ্যাটো ভুক্তভোগীৰ বক্তব্য, ন্যায়িক উৎস আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

মন কৰিবলগীয়া যে বিশ্বজুৰি কেথলিক গীৰ্জা দশক দশক ধৰি পেড’ফিল পুৰোহিত আৰু তেওঁলোকৰ অপৰাধ লুকুৱাই ৰখাক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছে। প্ৰয়াত পোপ ফ্ৰান্সিছে ১২ বছৰীয়া কাৰ্যকালৰ সময়ছোৱাত এই বিষয়টোক অগ্ৰাধিকাৰ দিছিল যদিও ফলাফল মিশ্ৰিত আছিল।

ইফালে ইটালীৰ বিচপ সন্মিলনৰ এগৰাকী মুখপাত্ৰই এই তথ্য সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

মন কৰিবলগীয়া যে এসপ্তাহৰ পূৰ্বে ভেটিকানৰ শিশু সুৰক্ষা আয়োগে ইটালীৰ বিচপসকলক সমালোচনা কৰিছিল যে তেওঁলোকে নিৰ্যাতনৰ বলি হোৱা লোকসকলক সহায় কৰাত অত্যধিক শিথিলতা প্ৰকাশ কৰিছে। ইটালীৰ ২২৬খন ডাইচেছৰ ভিতৰত মাত্ৰ ৮১খন ডাইচেছেহে ভেটিকানৰ শিশু সুৰক্ষা আয়োগে প্ৰস্তুত কৰা প্ৰশ্নাৱলীৰ উত্তৰ দিছিল। অৱশ্যে এই সপ্তাহত প্ৰথমবাৰৰ বাবে গীৰ্জাৰ যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলৰ সৈতে নতুন পোপ চতুৰ্দশ লিঅ’ই সাক্ষাৎ কৰে। তেওঁ নতুন বিচপসকলক নিৰ্দেশ দিছে যে তেওঁলোকে অসৎ আচৰণৰ অভিযোগ লুকুৱাব নালাগে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande