নগাঁও, ১৯ অক্টোবৰ (হি.স.): নগাঁও জিলাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ইয়াৰ মাজতে জিলাখনৰ কামপুৰ আৰক্ষীয়ে যোৱা কালি শনিবাৰে সন্ধিয়া ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুজন লোকক আটক কৰে ।
প্ৰাপ্ত তথ্য অনুসৰি কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰজ দত্তৰ নেতৃত্বত এই অভিযান চলাইছিল। অভিযানৰ সময়ত আৰক্ষীৰ দল এটাই প্ৰথমে ছাত্তাৰ আহমেদ নামৰ লোকজনক কাকতি গাঁৱৰ বৰুৱাবালিৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ আটক কৰে । ইয়াৰ উপৰিও বিশেষ সূত্ৰৰ পম খেদি কামপুৰ আৰক্ষীয়ে কাকতিগাঁও ৰে'ল গেটৰ পৰা সুমন বৰ্মণ নামৰ এজনক এটা কন্টেইনাৰ আৰু চাধা টেমাত ভৰ্তি থকা ড্ৰাগছসহ আটক কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে আৰু ধৃত দুয়োজনৰ শোধা পোছাক অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ