গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে বগুৱান আৰক্ষীৰ অভিযান, ধৃত ১
গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে বগুৱান আৰক্ষীৰ অভিযান।
গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে বগুৱান আৰক্ষীৰ অভিযান, ধৃত ১


গোৱালপাৰা, ১৮ অক্টোবৰ (হি.স.): গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত আছে। গোৱালপাৰা জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি বগুৱান আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। যোৱাকালি শুকুৰবাৰে চলোৱা হৈছিল এই অভিযান।

বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজ্ঞজিৎ দাসৰ নেতৃত্বত আৰক্ষীয়ে জয়পুৰ পূৰ্ব পাৰাত অভিযান চলাইছিল। অভিযানৰ সময়ত আৰক্ষীয়ে ৩৫ টা কন্টেইনাৰত প্ৰায় ৪৬.৫৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। ঘটনাৰ সৈতে জড়িত থকা ব্যক্তি ঝুনকাইপাৰাৰ বাসিন্দা মুশাৰফ হুছাইনক গ্ৰেপ্তাৰ কৰিছে।অভিযানৰ সময়ত আৰক্ষীয়ে এখন মোবাইল ফোনো জব্দ কৰে। ড্ৰাগছৰ অবৈধ ব্যৱসায় ৰোধৰ লক্ষ্যৰে বগুৱান আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন ঠাইত অভিযান চলাই আহিছে। এই সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande