শিৱসাগৰ, ১৬ অক্টোবৰ (হি.স.): শিৱসাগৰৰ নাজিৰাৰ আৰক্ষীয়ে আজি বৃহস্পতিবাৰে কাহিলী পুৱাতে এখন বিলাসী বাহনসহ তিনিজনী গাইগৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কাহিলী পুৱাত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত আৰক্ষীৰ দলে গেলেকী মেকীপুৰ ফালৰ পৰা অহা তিনিখন গৰুভৰ্তি বিলীসী বাহন অহাৰ সম্ভেদ পাই বৰতলাৰ পৰা আৰক্ষীয়ে খেদি খেদি নাজিৰা চাৰিআলিত এখন গাড়ী ৰখাবলৈ সক্ষম হয়। ইফালে আন দুখন গৰুভৰ্তি গাড়ী অতি কৌশলেৰে চাৰিআলিৰ সমীপত ঘূৰাই বিপৰীত দিশত পলায়ণ কৰে ।
আৰক্ষীয়ে জব্দ কৰা এএছ ০৬ এচি ৭৬৫৩ নম্বৰৰ বিলাসী গাড়ীখনত তিনিজনী গাইগৰু উদ্ধাৰ কৰে। ইয়াৰ লগতে গাড়ীখনত অহা শিৱসাগৰ ষ্টেচন চাৰিআলিৰ মেৰাজ আলী (৩৯ ) আৰু চমিদুল আলী ( ৪০ )ক আটক কৰে । আনহাতে চুৰিগৰু ভৰ্তি গাড়ীখনৰ চালকজনো অতি কৌশলেৰে পলায়ণ কৰে । আৰক্ষীয়ে গৰুচোৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ