জ্যোতি সুৰেখা ভেন্নামৰ ইতিহাস সৃষ্টি, বিশ্বকাপৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন
নানজিং (চীন), ১৮ অক্টোবৰ (হি.স.)। ভাৰতৰ তাৰকা আৰ্চাৰ জ্যোতি সুৰেখা ভেন্নমে ইতিহাসৰ সৃষ্টি কৰিছে। বিশ্বকাপৰ ফাইনেলত উজ্জ্বল প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। জ্যোতি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ হিচাপে পৰিগণিত হয়। এ
भारत की स्टार तीरंदाज ज्योति सुरेखा वेनम


নানজিং (চীন), ১৮ অক্টোবৰ (হি.স.)। ভাৰতৰ তাৰকা আৰ্চাৰ জ্যোতি সুৰেখা ভেন্নমে ইতিহাসৰ সৃষ্টি কৰিছে। বিশ্বকাপৰ ফাইনেলত উজ্জ্বল প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। জ্যোতি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ হিচাপে পৰিগণিত হয়।

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী জ্যোতিয়ে বিশ্বৰ ২ নম্বৰ স্থানৰ এলা গিবছন (গ্ৰেট ব্ৰিটেইন)ক ১৫০-১৪৫ পইন্টত পৰাস্ত কৰি চমকপ্ৰদ জয়লাভ কৰে। মেচখনত জ্যোতিয়ে ১৫টা কাঁড়তে নিখুঁত ১০ পইন্ট কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰে।

২৯ বছৰীয়া জ্যোতিয়ে কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ এলেক্সিছ ৰুইজক ১৪৩-১৪০ পইন্টত পৰাস্ত কৰি প্ৰতিযোগিতা আৰম্ভ কৰে। ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ আন্দ্ৰেয়া বেচেৰা (মেক্সিকো)ৰ বিৰুদ্ধে খেলিছিল, য’ত তেওঁ ঘনিষ্ঠ প্ৰতিযোগিতাত ১৪৩-১৪৫ পইন্টত পৰাস্ত হৈছিল।

তৃতীয় এণ্ডৰ পাছত জ্যোতিয়ে ৮৭-৮৬ পইন্টত অগ্ৰগতি লাভ কৰে যদিও চতুৰ্থ এণ্ডত তিনিওটা কাঁড়তে ১০ পইণ্ট সংগ্ৰহ কৰি বেচেৰাই অগ্ৰগতি উলটি দিয়ে। বেচেৰাইও শেষৰ শেষত ২৯-২৮ পইন্টত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে।

অৱশ্যে ব্ৰঞ্জৰ পদক মেচখনত জ্যোতিয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি পাঁচোটা মূৰত একেৰাহে ১০ পইণ্ট সংগ্ৰহ কৰি গিবছনক অতিক্ৰম কৰি প’ডিয়ামত স্থান নিশ্চিত কৰে। এইটো আছিল জ্যোতিৰ তৃতীয় বিশ্বকাপৰ ফাইনেল। ইয়াৰ পূৰ্বে ২০২২ (ট্লাক্সকালা) আৰু ২০২৩ (হাৰ্মোচিলো)ত উদ্বোধনী ৰাউণ্ডত বাহিৰ হৈছিল।

আন এগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ মাধুৰা ধমনগাঁওকাৰেও প্ৰতিযোগিতাখনত প্ৰৱেশ কৰিছিল যদিও মেক্সিকোৰ মাৰিয়ানা বাৰ্নালৰ হাতত ১৪২-১৪৫ পইন্টত পৰাস্ত হৈ প্ৰথম ৰাউণ্ডত বাহিৰ হয়।

পুৰুষৰ কম্পাউণ্ড ইভেণ্টত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি ঋষভ যাদৱে দিনটোৰ পিছত দক্ষিণ কোৰিয়াৰ কিম জংঘোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। এইবাৰ ৰিকাৰ্ভ ইভেণ্টত কোনো ভাৰতীয় ধনুৰ্বিদে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande