কাবুল, ১৮ অক্টোবৰ (হি.স.)। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে শনিবাৰে ঘোষণা কৰে যে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া তিনি কোণীয় টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। নৱেম্বৰৰ শেষৰ ফালে পাকিস্তান, শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত এই শৃংখলা খেলাৰ কথা আছিল।
আফগান দলটোৱে ১৭ নৱেম্বৰৰ পৰা পাকিস্তানলৈ গৈ ধাৰাবাহিকখনত অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু শুকুৰবাৰে (১৭ অক্টোবৰ) সন্ধিয়া পাক্তিকা প্ৰদেশৰ উৰ্গুন জিলাত আফগান ক্ৰিকেটাৰসকলৰ ওপৰত আক্ৰমণৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। এই আক্ৰমণত আফগান ঘৰুৱা ক্ৰিকেট দলৰ খেলুৱৈ কবিৰ, ছিবগাতুল্লাহ, হাৰুণকে ধৰি ৮ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হয়। পাক্তিকা প্ৰদেশৰ ৰাজধানী শৰণাত প্ৰীতি ক্ৰিকেট খেল খেলিবলৈ আহিছিল খেলুৱৈসকল।
এচিবিয়ে এক বিবৃতিত কয় যে এই মৰ্মান্তিক কাণ্ডৰ পোহৰত আৰু শ্বহীদ খেলুৱৈসকলৰ প্ৰতি সন্মানৰ চিন স্বৰূপে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া তিনি কোণীয় শৃংখলাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।
এই আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ব’ৰ্ডে কয় যে, “আজি সন্ধিয়া পাকিস্তানী শাসনে কাপুৰুষালি কৰা আক্ৰমণত লক্ষ্য কৰি লোৱা উৰ্গুন জিলাৰ সাহসী ক্ৰিকেটাৰসকলৰ শ্বহীদ হোৱাৰ বাবে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে গভীৰ দুখ আৰু শোক প্ৰকাশ কৰিছে।”
আফগান ক্ৰীড়া সমাজ, খেলুৱৈ, আৰু ক্ৰিকেট পৰিয়ালৰ বাবে এই কাণ্ডক এক বৃহৎ ক্ষতি বুলি অভিহিত কৰি এচিবিয়ে শ্বহীদৰ পৰিয়াল আৰু পাক্তিকা প্ৰদেশৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
আফগানিস্তানৰ বেগী বলাৰ ফাজালহাক ফাৰুকিয়ে নিজৰ অফিচিয়েল ফেচবুক পেজত এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ লিখিছে, অসামৰিক আৰু আমাৰ ঘৰুৱা ক্ৰিকেটাৰসকলৰ শ্বহীদ এক ক্ষমা কৰিব নোৱাৰা অপৰাধ। নিৰীহ লোকক হত্যা কৰাসকলক ক্ষমা কৰিব নোৱাৰি।
বৰ্তমান আফগানিস্তান আৰু পাকিস্তানৰ মাজত অৱনতি ঘটা সম্পৰ্কৰ বাবে বহু বিশেষজ্ঞৰ মতে ভৱিষ্যতে দুয়োখন দেশৰ খেলুৱৈয়ে আইচিচিৰ অনুষ্ঠানত হাত মিলোৱাটোও কঠিন হ’ব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ