টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় মহিলা অন্ধ ক্ৰিকেট দলৰ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
নতুন দিল্লী, ১৮ অক্টোবৰ (হি.স.)। ভাৰতীয় মহিলা অন্ধ ক্ৰিকেট দলৰ লগতে ভাৰতীয় অন্ধ সন্থাৰ প্ৰতিনিধি আৰু বিশ্বকাপ আয়োজক সমিতিৰ প্ৰতিনিধিৰ সৈতে শনিবাৰে ৰাজধানী নতুন দিল্লীত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিণী অমৰাসুৰিয়াক সাক্ষাৎ কৰে। শ্ৰীলংকাৰ প্ৰধানমন্ত্
श्रीलंका की प्रधानमंत्री के साथ भारतीय महिला नेत्रहीन क्रिकेट टीम


নতুন দিল্লী, ১৮ অক্টোবৰ (হি.স.)। ভাৰতীয় মহিলা অন্ধ ক্ৰিকেট দলৰ লগতে ভাৰতীয় অন্ধ সন্থাৰ প্ৰতিনিধি আৰু বিশ্বকাপ আয়োজক সমিতিৰ প্ৰতিনিধিৰ সৈতে শনিবাৰে ৰাজধানী নতুন দিল্লীত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিণী অমৰাসুৰিয়াক সাক্ষাৎ কৰে। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিণী সম্প্ৰতি তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে।

ভাৰত আৰু শ্ৰীলংকাই ১১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ যৌথভাৱে আয়োজন কৰিবলগীয়া আগন্তুক উদ্বোধনী মহিলা অন্ধ টি-২০ বিশ্বকাপ ২০২৫ৰ পূৰ্বে এই বৈঠকৰ বিশেষ তাৎপৰ্য আছে।

প্ৰতিনিধি দলটোত আছিল কেবিৰ অধ্যক্ষ তথা সমাৰ্থনাম ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক ড০ মহন্তেশ জি কিভাদাসন্নৱৰ, বিশ্বকাপ আয়োজক সমিতিৰ অধ্যক্ষ মীনা অক্ষী লেখী আৰু কেবিৰ প্ৰধান সম্পাদক শৈলেন্দ্ৰ যাদৱ। ভাৰতত শ্ৰীলংকাৰ উচ্চায়ুক্ত মহেশিনী কল’নাও উপস্থিত থাকে।

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিনি অমৰাসুৰিয়াই এই উপলক্ষে কয়, আমি অতিশয় আনন্দিত যে শ্ৰীলংকাই এই ঐতিহাসিক মহিলা অন্ধ টি-২০ বিশ্বকাপৰ সহ-আয়োজক। আমি মহান মেচৰ বাবে আগ্ৰহী আৰু সকলো দলকে শুভকামনা জনাইছো। অন্ধ ক্ৰিকেট এক প্ৰেৰণাদায়ক পদক্ষেপ আৰু আমি এই প্ৰচেষ্টাক সমৰ্থন কৰোঁ।

কেবিৰ অধ্যক্ষ ড০ মহন্তেশ জি কিভাদাসন্নেভাৰে কয় যে, শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাটো আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ভাৰত আৰু শ্ৰীলংকাৰ এই যৌথ প্ৰচেষ্টাই সৰ্বাংগীনতাক প্ৰসাৰিত কৰিব আৰু অন্ধ মহিলা খেলুৱৈসকলৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব।

বিশ্বকাপৰ সূচী -

ভাৰত, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, পাকিস্তান, নেপাল, আৰু আমেৰিকাৰ দলসমূহে মহিলা অন্ধ টি-২০ বিশ্বকাপ ২০২৫ত অংশগ্ৰহণ কৰিব। এই মেচসমূহ নতুন দিল্লী, বেংগালুৰু, আৰু কলম্বোত অনুষ্ঠিত হ’ব। নৱেম্বৰৰ দ্বিতীয় সপ্তাহত দিল্লীত উপস্থিত হ’ব সকলো দল।

পাকিস্তানৰ দলটোৱে কলম্বোত খেলিব। এই প্ৰতিযোগিতাখনত ১৫খন লীগ মেচ, দুখন ছেমি ফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ’ব।

এই বিশ্বকাপৰ আয়োজন কৰিছে প্ৰতিবন্ধীসকলৰ বাবে সমৰ্থনাম ট্ৰাষ্টৰ ক্ৰিকেট শাখা চিএবিআইয়ে। ইয়াৰ উদ্দেশ্য হৈছে বিশেষভাৱে সক্ষম মহিলা খেলুৱৈসকলৰ বাবে সম সুযোগ আৰু এক মঞ্চ প্ৰদান কৰা।

ভাৰতীয় দল -

বি ১ শ্ৰেণী: চিমু দাস (দিল্লী), পি কৰুণা কুমাৰী (অন্ধ্ৰ প্ৰদেশ), অনু কুমাৰী (বিহাৰ), যমুনা ৰাণী টুডু (ওড়িশা), কাব্য পঞ্চম (কৰ্ণাটক)।

বি ২ শ্ৰেণী: অনেখা দেৱী (দিল্লী), বসন্তি হান্সদাহ (ওড়িশা), সিমৰঞ্জিত কৌৰ (ৰাজস্থান), সুনীতা সাৰথে (মধ্য প্ৰদেশ), পাৰ্বতী মাৰাণ্ডী (ওড়িশা)।

বি ৩ শ্ৰেণী: দীপিকা টি.চি. (কৰ্ণাটক – অধিনায়ক), ফুলা ছ’ৰেন (ওড়িশা), গংগা এছ কদম (মহাৰাষ্ট্ৰ – উপ-অধিনায়ক), কাব্য এন.আৰ. (কৰ্ণাটক), সুষমা পেটেল (মধ্য প্ৰদেশ), দুৰ্গা য়েৱালে (মধ্য প্ৰদেশ)।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande