বিষ্কেক (কিৰ্গিস্তান), ১৮ অক্টোবৰ (হি.স.): ভাৰতীয় ১৭ বছৰ অনুৰ্ধ মহিলা ফুটবল দলে ২০ বছৰৰ পাছত এ এফ চি ১৭ বছৰ অনুৰ্ধ মহিলা এছিয়ান কাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে । শুকুৰবাৰে ড’লন ওমুৰ্জাকোভ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত উজবেকিস্তানক ২-১ গ’লত পৰাস্ত কৰি ভাৰতে এই কৃতিত্ব অৰ্জন কৰে।
পিছ পৰি ৰৈ ভাৰতে এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। মুখ্য প্ৰশিক্ষক জোয়াচিম আলেকজেণ্ডাৰছনৰ কৌশলগত পৰিৱৰ্তনে মেচখনৰ গতিপথ সলনি কৰি পেলায়। তেওঁ ৪০ মিনিটত বনিফিলিয়া শ্বুল্লাইৰ ঠাইত থাণ্ডামনি বাস্কেক নিযুক্তি দিয়ে। ৫৫ মিনিটত বাস্কে ভাৰতৰ হৈ সমতা স্থাপন কৰে আৰু তাৰ পাছত ৬৬ মিনিটত অনুষ্কা কুমাৰীৰ দ্বিতীয়টো গ’ল প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইয়াৰ পূৰ্বে উজবেকিস্তানৰ শ্বাখজোদা আলিখোনোভাই ৩৮ মিনিটত গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰিছিল। অৱশ্যে দ্বিতীয়াৰ্ধত ভাৰতীয় দলটোৱে উৎকৃষ্ট নিয়ন্ত্ৰণ প্ৰদৰ্শন কৰি মেচখন জয় কৰি অৰ্হতা নিশ্চিত কৰে।
এইবাৰ ভাৰতীয় ১৭ বছৰ অনুৰ্ধ মহিলা দলে যোগ্যতাৰ ভিত্তিত এ এফ চি এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ভাৰতে শেষবাৰৰ বাবে ২০০৫ চনত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, য’ত ১১টা দলে প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰিছিল। কিন্তু অৰ্হতা ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পিছৰে পৰা ভাৰত কেতিয়াও যোগ্যতা অৰ্জন কৰা নাছিল।
এতিয়া ভাৰতৰ ছিনিয়ৰ মহিলা দল, ২০ বছৰ অনুৰ্ধ মহিলা দল, আৰু ১৭ বছৰ অনুৰ্ধ মহিলা দল সকলোৱে মহাদেশীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ