ৱাশ্বিংটন, ১৬ অক্টোবৰ (হি.স.)। গাজা পট্টীত যুদ্ধবিৰতি পৰিকল্পনাৰ নেতৃত্ব দিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে এতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত শান্তিৰ প্ৰচেষ্টাৰ দিশত পদক্ষেপ ল’বলৈ সাজু হৈছে। ট্ৰাম্পে অতি সোনকালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ সৈতে সাক্ষাৎ কৰিব। হোয়াইট হাউছত অনুষ্ঠিত হোৱা এই বৈঠকৰ পূৰ্বে আমেৰিকা আৰু ইউক্ৰেইনৰ বিষয়াসকলে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
হোৱাইট হাউছৰ এজন বিষয়াই কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে মধ্যপ্ৰাচ্যৰ দৰেই ইউক্ৰেইনতো শান্তি স্থাপন কৰিব পাৰিব বুলি আশাবাদী। শুকুৰবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা ট্ৰাম্পে। আমেৰিকাৰ অনলাইন নিউজ পৰ্টেল দ্য পলিটিকোৰ এক প্ৰতিবেদন অনুসৰি জেলেনস্কিয়ে এসপ্তাহ ধৰি ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিবলৈ আগ্ৰহী হৈ আছে। এই বৈঠক ট্ৰাম্প প্ৰশাসনৰ মনোযোগ মধ্যপ্ৰাচ্যৰ পৰা আঁতৰাই ৰাছিয়াৰ ফালে স্থানান্তৰিত কৰাৰ এক সমন্বিত প্ৰচেষ্টাৰ অংশ। আমেৰিকাত ইউক্ৰেইনৰ নতুন ৰাষ্ট্ৰদূত অলগা ষ্টেফানিছিনাই এক বিবৃতিত কয় যে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে ট’মাহক, বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, শক্তি দক্ষতা, আৰু ড্ৰ’ন উৎপাদনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে কিয়েভৰ অনুৰোধৰ বিষয়ে চৰ্চা কৰিব।
ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ষ্টেফানিছিনাই কয় যে এইটো আলোচনাৰ এক সম্পূৰ্ণ নতুন পন্থা। দুসপ্তাহ ধৰি কাম কৰি আছে সামৰিক দল। ইয়াৰ পূৰ্বে সোমবাৰে জেলেনস্কিয়ে ইউক্ৰেইনৰ সাংবাদিকসকলৰ আগত কয় যে ট্ৰাম্পে তেওঁক ৱাশ্বিংটনৰ শক্তি কোম্পানীসমূহৰ সৈতে সাক্ষাৎ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ কয় যে এই মুহূৰ্তত তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰ হৈছে ইউক্ৰেইনৰ আন্তঃগাঁথনি ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা।
গাজা ষ্ট্ৰিপত যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছদিনা মঙলবাৰে দেশৰ আগত দিয়া ভাষণত জেলেনস্কিয়ে কয় যে এতিয়া বিশ্বত শান্তিৰ এক শক্তিশালী ভেটি আছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া সঁচাকৈয়ে ৰাছিয়াক নিজৰ আগ্ৰাসন বন্ধ কৰিবলৈ হেঁচা দিব পাৰে। হোয়াইট হাউছৰ এজন বিষয়াইও জোৰ দি কয় যে ৰাছিয়াৰ সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ বাবে আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ প্ৰেৰণা যোগাব পাৰে।
ট্ৰাম্পৰ বিশেষ দূত তথা মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মুখ্য আলোচনাপন্থী ষ্টিভ উইটকফে তেওঁৰ বিদেশী সমকক্ষসকলক জনাইছে যে ৰাষ্ট্ৰপতিগৰাকীৰ তিনিটা ডাঙৰ লক্ষ্যৰ ভিতৰত গাজাৰ সংঘাতৰ অন্ত পেলোৱা, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ ৰোধ কৰা, ইৰাণৰ সৈতে নতুন পাৰমাণৱিক চুক্তিত সন্মতি দিয়া আদি অন্যতম। ইউক্ৰেইনলৈ অতিৰিক্ত অস্ত্ৰ যোগানৰ কথাও ঘোষণা কৰিছে উইটকফে।
हिन्दुस्थान समाचार / অৰৱিন্দ