ৰাৱালপিণ্ডি, ১৬ অক্টোবৰ (হি.স.)। পাকিস্তান আৰু আফগানিস্তানৰ মাজত সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আজি পাকিস্তানী নিৰাপত্তা বাহিনীয়ে খাইবাৰ পখতুনখোৱা প্ৰদেশত অপাৰেচন “আজম-ই-ইষ্টিহকাম”ৰ অধীনত কেইবাটাও অভিযানত উগ্ৰপন্থী সংগঠন ফিটনা আল-খাৱাৰিজৰ অন্তৰ্গত ৩৪ জন উগ্ৰপন্থীক হত্যা কৰা বুলি দাবী কৰে।
বৃহস্পতিবাৰে সামৰিক বাহিনীৰ সংবাদ মাধ্যমৰ শাখা আন্তঃসেৱা জনসংযোগে (আই এছ পি আৰ) এই তথ্য প্ৰদান কৰে।
সেনাই জনোৱা মতে, ১৩ৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত চলোৱা এই অভিযানত উত্তৰ ৱাজিৰিস্তান, দক্ষিণ ৱাজিৰিষ্টান, বান্নু জিলাৰ উগ্ৰপন্থীৰ আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছিল। এই অভিযানত ফিটনা আল খাৱাৰিজৰ ৩৪টা উগ্ৰপন্থী নিহত হয়।
এই অভিযানসমূহ আছিল বিদেশী সমৰ্থিত উগ্ৰপন্থীতাক নিৰ্মূল কৰাৰ লক্ষ্যৰে দেশজোৰা অভিযান আজম-ই-ইষ্টিকামৰ অংশ। উত্তৰ ৱাজিৰিষ্টানৰ স্পিনৱাম অঞ্চলত প্ৰথমটো অভিযান সংঘটিত হয়, য’ত নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থীৰ আত্মগোপন স্থান দখল কৰে। তীব্ৰ গুলীচালনাৰ পিছত ১৮ জন উগ্ৰপন্থী নিহত হয়।
দক্ষিণ ৱাজিৰিষ্টনত চোৰাংচোৱাৰ ভিত্তিত সৈন্যই আন এক অভিযান চলাই আৰু আঠজন উগ্ৰপন্থী নিহত হয়।
তৃতীয়টো এনকাউণ্টাৰ বান্নুত সংঘটিত হয় ভয়াৱহ সংঘৰ্ষৰ অন্তত ৮জন উগ্ৰপন্থী নিহত হয়।
অঞ্চলটোত থকা আন উগ্ৰপন্থীক নিঃশেষ কৰাৰ বাবে তালাচী অভিযান অব্যাহত আছে বুলি আইএছপিআৰে জানিবলৈ দিয়ে।
ইফালে, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে উগ্ৰপন্থীক নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰাপত্তা বাহিনীক প্ৰশংসা কৰিছে।
২০২২ চনৰ নৱেম্বৰ মাহত তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে যুদ্ধবিৰতি চুক্তি ভংগ হোৱাৰ পিছৰে পৰা খাইবাৰ পখতুনখোৱা আৰু বেলুচিস্তানত বিদ্ৰোহীৰ আক্ৰমণ বৃদ্ধি পাইছে।
আই এছ পি আৰৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে জনোৱা মতে, চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰলৈকে সমগ্ৰ দেশতে মুঠ ১০,১১৫টা অভিযান চলাইছিল, য’ত ৯৭০জন উগ্ৰপন্থীক ধৰাশায়ী কৰাৰ লগতে ৩১১জন সেনা জোৱান নিহত হৈছে।
পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই শেহতীয়া অভিযান চলোৱা হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ