দলৰ সভাপতি পদ এৰিবলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলিৰ ওপৰত বাঢ়িছে হেঁচা, বৈঠকত হুলস্থুলৰ সৃষ্টি
কাঠমাণ্ডু, ১৬ অক্টোবৰ (হি.স.)। নেপাল কমিউনিষ্ট পাৰ্টি (ইউনাইটেড)ৰ অধিকাংশ জ্যেষ্ঠ আৰু কেন্দ্ৰীয় নেতাই দলৰ সভাপতি কে পি শৰ্মা অলিক পদৰ পৰা পদত্যাগ কৰিবলৈ হেঁচা বৃদ্ধি কৰিছে। দলৰ দশম কেন্দ্ৰীয় সমিতিৰ বৈঠকত অলিৰ ৰাজনৈতিক প্ৰস্তাৱৰ বিৰোধিতা কৰি অধিকা
केंद्रीय समिति में के पी ओली


কাঠমাণ্ডু, ১৬ অক্টোবৰ (হি.স.)। নেপাল কমিউনিষ্ট পাৰ্টি (ইউনাইটেড)ৰ অধিকাংশ জ্যেষ্ঠ আৰু কেন্দ্ৰীয় নেতাই দলৰ সভাপতি কে পি শৰ্মা অলিক পদৰ পৰা পদত্যাগ কৰিবলৈ হেঁচা বৃদ্ধি কৰিছে। দলৰ দশম কেন্দ্ৰীয় সমিতিৰ বৈঠকত অলিৰ ৰাজনৈতিক প্ৰস্তাৱৰ বিৰোধিতা কৰি অধিকাংশ নেতাই অলিৰ পদত্যাগৰ দাবী জনায়।

কাঠমাণ্ডুত বুধবাৰৰ পৰা আৰম্ভ হোৱা বৈঠকৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাৰ আদৰ্শ দেখুৱাই সদস্যসকলে অলিও দলৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি আন এজন নেতাৰ হাতত দায়িত্ব অৰ্পণ কৰিবলৈ দাবী জনায়। অলিৰ পদত্যাগৰ দাবী বাঢ়ি অহাৰ লগে লগে তেওঁৰ সমৰ্থকসকলে হুলস্থুলৰ সৃষ্টি কৰাৰ বাবে সভাখন কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।

আজিৰ বৈঠকত অলিৰ পদত্যাগৰ দাবী জনোৱাসকলৰ ভিতৰত দলৰ জ্যেষ্ঠ উপ-সভাপতি ঈশ্বৰ পোখৰেল, উপ-সভাপতি ৰাম বাহাদুৰ থাপা, উপ-সভাপতি অষ্টলক্ষ্মী শাক্য, উপ-সভাপতি যুৱৰাজ খাডকা, সম্পাদক যোগেশ ভট্টৰাই আদি অন্যতম। আটাইকেইজনে পদত্যাগৰ দাবীত লিখিত প্ৰস্তাৱ দাখিল কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande